বেজী ল’বলৈ ভয় কৰা সলৰ বাবে সামান্য সকাহ৷ দেশৰ প্ৰথমটো DNA কোভিড ভেকচিন মুকলি৷ প্ৰথমটো বেজীবিহীন আৰু দ্বিতীয়টো দেশীয় কোভিড ভেকচিন জাইক’ভ-ডিক আনুষ্ঠানিকভাৱে মুকলি কৰা হয় পাটনাত৷ শীঘ্ৰেই দেশত বজাৰত উপলব্ধ হ’ব জাইক’ভ-ডি৷ জাইক’ভ-ডি প্ৰথমটো প্লাজমিড DNA ভেকচিন৷
তিনিটা ড’জৰ কোভিড ভেকচিন জাইক’ভ-ডি৷ ২৮ দিনৰ অন্তৰাল গ্ৰহণ কৰিব লাগে প্ৰতিটো ড’জ৷ গুজৰাটৰ Zydus Cadilaই তৈয়াৰ কৰিছে জাইক’ভ-ডি৷ বৰ্তমান কেৱল প্ৰাপ্তবয়স্ক লোককহে প্ৰদান কৰিব এই ভেকচিন৷ চেণ্ট্ৰেল ড্ৰাগচ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেচনে অনুমোদন জনালে কোভিড ভেকচিন জাইক’ভ-ডিক৷ ২৮ হাজাৰ ব্যক্তিৰ মাজত ক্লিনিকেল টেষ্ট কৰা হৈছিল ভেকচিনবিধৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ