অসম লাইভ ২৪ঃ বিশ্ব সুন্দৰীৰ প্ৰতিযোগিতাত উজলিল ভাৰত৷ ২১ বছৰৰ পাছত পুনৰ ভাৰতৰ সুন্দৰীৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্চ খিতাপ৷ ভাৰতে লাভ কৰিলে তৃতীয়টো ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ৷ পঞ্জাৱৰ হাৰনাজ সন্ধুৰ শিৰত উজলিল মিছ ইউনিভাৰ্চ-২০২১ খিতাপ৷
ইজৰাইলত অনুষ্ঠিত ৭০ সংখ্যক মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত ভাৰতত প্ৰতিনিধিত্ব কৰিছিল পঞ্জাৱৰ হাৰনাজ সন্ধুৱে৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭৫ গৰাকী সুন্দৰী তথা প্ৰতিভাশালী নাৰীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত৷ সকলোৰে মাজৰ পৰা শীৰ্ষ সন্মান আজুৰি দেশলৈ গৌৰত কঢ়িয়ালে হৰনাজ সন্ধুৱে৷
১৯৯৪ চনত সুস্মিতা সেন আৰু ২০০০ চনত লাৰা দত্তই লাভ কৰিবলৈ সক্ষম হৈছিল সৌন্দৰ্য প্ৰতিযোগিতাৰ সৰ্বোচ্চ সন্মান ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ৷
মিছ ইউনিভাৰ্চ ২১ বছৰীয়া হৰনাজ সন্ধু পেছাত এগৰাকী মডেল আৰু অভিনেত্ৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ