অসম লাইভ ২৪ঃ প্ৰথমগৰাকী অমিক্ৰণ আক্ৰান্তৰ মৃত্যু ইংলেণ্ডত৷ সোমবাৰে প্ৰধানমন্ত্ৰী বৰিছ জনচনে নিশ্চিত কৰে এই কথা৷ ইতিমধ্যে দেশখনে কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ বিৰুদ্ধে বুষ্টাৰ কাৰ্যসূচীৰ আৰম্ভ কৰিছে৷ অমিক্ৰণৰ বিৰুদ্ধে ভেকচিনৰ কাৰ্যকাৰিতা সন্দৰ্ভতো বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে বিভিন্ন তথ্য৷ ইফালে ভাৰততো বৃদ্ধি পাইছে অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ বিশ্বৰ বিভিন্ন দেশৰ সমান্তৰালভাৱে ভাৰত চৰকাৰেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে অমিক্ৰণৰ বিৰুদ্ধে৷ উল্লেখ্য, প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত চিনাক্ত হৈছিল কোভিডৰ নতুন ভেৰিয়েণ্ট ‘অমিক্ৰণ’৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ