অসম লাইভ ২৪ঃ পুনৰ ছুনামীৰ আশংকা ইণ্ডোনেছিয়াত৷ ভূ-বিজ্ঞানীৰ জৰীপৰ তথ্যৰ ভিত্তিত দেশখনত জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কতা৷ মঙলবাৰে পুৱা ৭.৬ প্ৰাৱল্যৰ প্ৰৱল ভূমিকম্পই জোকাৰি যায় ইণ্ডোনেছিয়া চহৰ৷ Flores Island ত সাগৰৰ ১৮.৫ কিলোমিটাৰ গভীৰত সৃষ্টি হয় জোকাৰণিৰ৷ বৰ্তমানলৈকে কোনো ক্ষয়-ক্ষতি হোৱা নাই ভূমিকম্পৰ ফলত৷ কিন্তু ছুনামীৰ আশংকা প্ৰকাশ কৰিছে ভূ-বিজ্ঞানীসকলে৷ উল্লেখ্য, ১৯৯২ চনতেই একেই প্ৰাৱল্যৰ এক বৃহৎ ভূমিকম্পই জোকাৰি গৈছিল চহৰখন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ