পুৱাই পুৱাই এইখন মুছলিম দেশত ভয়ংকৰ ভূমিকম্প, ৬.১ প্ৰাবল্যই জোকাৰি যায় দেশখনক
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে (USGS) সদৰি কৰা তথ্য অনুসৰি আজি ২৬ ফেব্ৰুৱাৰীৰ পুৱাই এক প্ৰৱল ভূমিকম্পই জোকাৰি যায় ইণ্ডোনেছিয়া দেশ। এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য ৬.১।
প্ৰকাশিত তথ্য অনুসৰি দেশখনৰ উত্তৰ চুলাৱেছি প্ৰদেশৰ উপকূলত আজি ৬.১ প্ৰাবল্যৰ ভূমিকম্প আহে। বৰ্তমান এই ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ কোনো তথ্য পোহৰলৈ অহা নাই।
স্থানীয় সময় অনুসৰি আজি পুৱা ৬:৫৫ বজাত সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প। ইণ্ডোনেছিয়াৰ বতৰ বিজ্ঞান সংস্থাই এই কথা নিশ্চিত কৰিছে। ভূমিকম্পটোৰ ফলত চুনামীৰ কোনো আশংকা নাই বুলিও সদৰি বতৰ বিজ্ঞান কেন্দ্ৰটোৰ।
উল্লেখ্য যে, ইণ্ডোনেছিয়া হৈছে প্ৰশান্ত মহাসাগৰৰ “ৰিং অৱ ফায়াৰ”ত অৱস্থিত এটা বৃহৎ দ্বীপপুঞ্জ। এইটো এটা অতি সক্ৰিয় ভূমিকম্পীয় বেল্ট, য’ত টেকটনিক প্লেটবোৰ নিয়মিতভাৱে সংঘৰ্ষ হয়, যাৰ ফলত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটে।
পূৰ্বে কেইবাবাৰো ডাঙৰ ডাঙৰ ভূমিকম্পই জোকাৰি গৈছে দেশখন-
২০২১ চনৰ জানুৱাৰী মাহত চুলাৱেছিত ৬.২ প্ৰাবল্যৰ ভূমিকম্পত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছিল।
২০১৮: চুলাৱেছিৰ পালুত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প আৰু ছুনামীৰ ফলত ২২০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।
২০০৪ চনত আচে প্ৰদেশত ৯.১ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এক বৃহৎ চুনামীৰ সৃষ্টি হৈছিল আৰু কেৱল ইণ্ডোনেছিয়াতে ১ লাখ ৭০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল।
শেহতীয়া ভূমিকম্পৰ ফলত দেশখনত কোনো ডাঙৰ ক্ষতি হোৱা নাই যদিও ইণ্ডোনেছিয়াৰ কৰ্তৃপক্ষই এই ঘটনাসমূহৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। ভূমিকম্প প্ৰভাৱিত অঞ্চলৰ বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আৰু ঘৰুৱা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা সুৰক্ষাৰ নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ