বন্ধ হৈ পৰিব ১৮ টাকৈ অটিটি প্লেটফৰ্ম, সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে
ভাৰত চৰকাৰৰ কেন্দ্ৰীয় সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক বিশেষ সিদ্ধান্ত। সম্পূৰ্ণৰূপে বন্ধ কৰিব ১৮ টা কৈ অ টি টি প্লেটফৰ্ম। অশ্লীলতা আৰু নিকৃষ্ট মানদণ্ডৰ কাম কৰাৰ বাবেই এই সিদ্ধান্ত কেন্দ্ৰীয় সম্প্ৰচাৰ মন্ত্ৰালয়ৰ।
পূৰ্বেও কেইবাবাৰো এই ১৮ টা কৈ অ টি টি প্লেটফৰ্মক জাননি দি আহিছিল সম্প্ৰচাৰ মন্ত্ৰালয়ে। কিন্তু জাননি লাভ কৰাৰ পাছতো কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা নাছিল প্লেটফৰ্ম কেইটাই। যাৰ বাবে আজি ১৪ মাৰ্চ তাৰিখে কেউটাকে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয় সম্প্ৰচাৰ মন্ত্ৰালয়ে।
অ টি টি প্লেটফৰ্ম কেইটাৰ লগতে ৫৭ টা ফেচবুক একাউণ্ট, ১৯ টা ৱেবচাইট, ১০ টা এপ, ১৭ টা ইনষ্টাগ্ৰাম একাউণ্ট, ১৬ টা এক্স(টুইটাৰ) একাউণ্ট আৰু লগতে ১২ টা ইউ টিউব একাউণ্ট বন্ধ কৰি দিয়ে মন্ত্ৰালয়ে। কেউটাতে বহু দিনৰে পৰা যৌনগন্ধীয় কনটেন্ট প্ৰচাৰ হৈ আহিছিল।
জানিব পৰা অনুসৰি, ইনফ’ৰমেছন টেকন’লজী এক্ট ২০০০ৰ আধাৰত সম্প্ৰচাৰ মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। বন্ধ কৰি দিয়া অ টি টি প্লেটফৰ্ম কেইটা হৈছে- Dreams Film, Voovi, Yessma, Uncut Adda, Tri Flicks, X Prime, Neon X VIP, Besharams, Hunters, Rabbit, Xtramood, Nuefliks, MoodX, Mojflix, Hot Shots VIP, Fugi, Chikooflix আৰু Prime Play ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















