• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘উপসৰ্গ’ৰ পৰিচালক কংকন ডেকাৰ সৈতে চিনেমাৰ কথা-বতৰা

‘উপসৰ্গ’ৰ পৰিচালক কংকন ডেকাৰ সৈতে চিনেমাৰ কথা-বতৰা

4 years ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

14 minutes ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

51 minutes ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

1 hour ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

13 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

14 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

14 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

14 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

15 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

16 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

17 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

18 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘উপসৰ্গ’ৰ পৰিচালক কংকন ডেকাৰ সৈতে চিনেমাৰ কথা-বতৰা

editor by editor
August 12, 2022
in অসম, চিনেমা
0
‘উপসৰ্গ’ৰ পৰিচালক কংকন ডেকাৰ সৈতে চিনেমাৰ কথা-বতৰা
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াভাৱে মুক্তিপ্ৰাপ্ত অসমীয়া ছবি উপসৰ্গ চাই ব্যক্তিগতভাৱে সুখী হোৱাৰ লগতেই ইতিমধ্যেই উপসৰ্গৰ বিষয়ে যথেষ্ট যোগাত্মক চৰ্চা আৰু দৰ্শকৰ উচ্চ প্ৰশংসা দেখিবলৈ পোৱা গৈছে। এটি খুব সাধাৰণ আৰু স্বাভাৱিক ঘটনাক কোনো ৰহণ নসানাকৈ এনে এক উপভোগ্য ৰূপ দিয়া হৈছে যি অসমীয়া চিনেমাৰ ক্ষেত্ৰত যথেষ্ট কমেই দেখিবলৈ পোৱা যায়। চিনেমা এখনৰ মূখ্য তথা গুৰুত্বপূৰ্ণ আটাইবোৰ দিশ যেনে— কাহিনী, পৰিচালনা, চিত্ৰনাট্য, আলোকশিল্পৰ কামৰ পৰা, সংগীত, অভিনয় হেন নলগা অনবদ্য অভিনয়- এই সকলোবোৰ প্ৰতি সমান মনোনিবেশ আৰু তাৰ ফলস্বৰূপে সৃষ্ট এখন পূৰ্ণাঙ্গ চিনেমা, চিনেমাৰ দৰে এক কলা সৃষ্টিৰ ক্ষেত্ৰত এই শৈলী মুঠেও সহজ কথা নহয়। দীৰ্ঘকালৰ চৰ্চা, অধ্যয়ন, সূক্ষ্মাতিসূক্ষ্ম নিৰীক্ষণৰ ফলত এনে পৰিপক্বতা গঢ় লৈ উঠে। উপসৰ্গৰ এই আটাইবোৰ নিখুঁত দিশৰ আঁ‌ৰৰ ব্যক্তিজন হৈছে পৰিচালক, কাহিনীকাৰ তথা প্ৰযোজক কংকন ডেকা। কংকন ডেকাৰ বিষয়ে কিছু ভালদৰে জনাৰ আৰু সকলোকে জনোৱাৰ উদ্দেশ্যে তেখেতৰ সৈতে এক আলাপ কৰা হৈছিল। তাৰেই কিয়দাংশ পাঠাকসকলৰ বাবে আগবঢ়ালো—

প্ৰশ্নঃ- চিনেমাৰ প্ৰতি আকৰ্ষণ কেতিয়াৰ পৰা আৰু কিদৰে গঢ় ল’লে?

কংকন ডেকাঃ- শৈশৱৰ পৰাই চিনেমাৰ প্ৰতি এক বিশেষ আকৰ্ষণ বা টান অনুভৱ কৰিছিলো, যদিওবা বিশ্বমানৰ চিনেমা তেতিয়া চাবলৈ পোৱা নাছিলো৷ তথাপিও চিনেমাৰ প্ৰতি আকৰ্ষণৰ সমান্তৰালকৈ আগ্ৰহো আৰু বেছিকৈ ক্ৰমশঃ বাঢ়ি আহিছিলে।

 

লগতে পঢ়ক ৰামানুজ কলেজৰ শ্ৰেণী কোঠাত অনৈতিক কাৰ্যত লিপ্ত শিক্ষাৰ্থী! ৭ ছাত্ৰ-ছাত্ৰীক নিলম্বন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ

প্ৰশ্নঃ- চিনেমা নিৰ্মাণ সম্পৰ্কে শিক্ষা বা প্ৰশিক্ষণ ক’ৰবাত লৈছিলে নেকি?

কংকন ডেকাঃ- হয়, এক চুটি পাঠ্যক্ৰম(short term course) কৰিছিলো মুম্বাইত।

প্ৰশ্নঃ- চিনেমা নিৰ্মাণৰ সপোন কেতিয়াৰ?

কংকন ডেকাঃ- সপোন দীৰ্ঘকালৰেই, যদিওবা মই ২০১৪-২০১৫ ত চিতা(Sita) নামৰ এখন চুটি ছবি নিৰ্মাণৰ জৰিয়তে এই যাত্ৰাৰ আৰম্ভণি কৰিছিলো।

প্ৰশ্নঃ- বিউটিফুল লাইভছৰ পৰিকল্পনা কেতিয়া কৰিছিলে?

কংকন ডেকাঃ- ২০১৫ ৰ শেষ, ২০১৬ ৰ ভিতৰত পৰিকল্পনা কৰিছিলো আৰু পৰৱৰ্তী সময়ত এই পৰিকল্পনাক হাতে-কামে আগুৱাই নিয়া হৈছিল।

প্ৰশ্নঃ- উপসৰ্গৰ পৰিকল্পনা কেতিয়া কৰিলে আৰু লগতে এই যে উপসৰ্গত সম্পূৰ্ণ অনভিজ্ঞ অভিনেতা দুজনক মূখ্য চৰিত্ৰত নিৰ্বাচন কৰিলে, ইয়াৰ আঁ‌ৰৰ কথা কি?

কংকন ডেকাঃ- উপসৰ্গৰ পৰিকল্পনা কৰিছিলো, ২০১৯ ৰ শেষৰ ফালে। অঁ, পূৰ্বে অভিনয়ৰ অভিজ্ঞতা নথকা অভিনেতা দুজনক মূল চৰিত্ৰ হিচাপে নিৰ্বাচন কৰাৰ আঁ‌ৰত কাৰণ আছে। তেওঁ‌লোক দুয়োজনেই আচলতে মোৰ শৈশৱৰ দুটি সঁ‌চা চৰিত্ৰ হোৱাৰ লগতে মোৰ প্ৰতিবেশীও আছিলে। উপসৰ্গৰ কাহিনীভাগৰ কথা লিখিবলৈ আৰম্ভ কৰোতেই, মূল চৰিত্ৰ হিচাপে মনলৈ তেওঁ‌লোক দুজনৰ কথাই আহিছিলে। গতিকেই তেওঁ‌লোককেই নিৰ্বাচন কৰিলো।

প্ৰশ্নঃ- পিছে এই দুজন অভিনেতাক ইমান সুন্দৰকৈ অভিনয় কৰিবলৈ শিকালে কেনেকৈ?

কংকন ডেকাঃ- এই দিশটো বেছ মনোগ্ৰাহী আছিলে। প্ৰথমে তেওঁ‌লোক দুজনৰ লগত কথা পাতিলো। পৰৱৰ্তী সময়ত আন অভিনেতা-অভিনেত্ৰীৰ লগতে শ্বুটিঙৰ ইউনিটৰ সকলোৰে সৈতে তেওঁ‌লোকক সহজ কৰি তুলিবৰ চেষ্টা কৰিলো। আৰু তেওঁ‌লোক দুয়োৰে বাবে সহজ হওক বুলিয়েই শ্বুটিঙৰ সময়ত ইউনিটত মানুহ যিমান পাৰি সিমান কমাই ৰাখিছিলো, যাতে তেওঁ‌লোকৰ সহজ বা স্বাভাৱিক হৈ থাকিবলৈ সুবিধা হয়। আৰু সঁ‌চায়ে যি আস্থা ৰাখি তেওঁ‌লোক দুয়োকে নিৰ্বাচন কৰিছিলো, দুয়োৱে সেই আস্থাক বাস্তৱত অতি নিয়াৰিকৈ পালন কৰিলে। সেয়া আজি আপোনালোকৰ চকুৰ আগত।

 

লগতে পঢ়ক তিনি নাবালিকা ছাত্ৰীক অপহৰণ, তাৰ পিছত ধৰ্ষণ; দুই মহিলাসহ ৪ গৰাকীক গ্ৰেপ্তাৰ

প্ৰশ্নঃ- এই যে এতিয়ালৈকে দুখনকৈ চিনেমা নিৰ্মাণ কৰিলে, সেই নিৰ্মাণৰ পুঁজি অৰ্থাৎ অৰ্থৰ ব্যৱস্থা কিদৰে কৰিছে?

কংকন ডেকাঃ- একান্তই আৰু সম্পূৰ্ণ নিজা কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰিছো দুয়োখন চিনেমাই।

প্ৰশ্নঃ- অসমীয়া চলচ্চিত্ৰৰ বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে কি ভাবে?

কংকন ডেকাঃ- অসমীয়া চলচ্চিত্ৰৰ বৰ্তমান যথেষ্ট উজ্জ্বলেই দেখো মই। কাৰণ ন ন পৰিচালকৰ ন ন বিষয়ৰ লগতে ভিন্ন ধাৰাৰ চিনেমাও নিৰ্মাণ হৈ আছে। পিছে এইখিনিতে এটা কথা ক’ব লাগিব-মোৰ বোধেৰে বৰ্তমান সময়ত অসমীয়া চিনেমাৰ ধাৰা আৰু বিষয়বস্তুৰ ক্ষেত্ৰত যি এক পৰিৱৰ্তন আহিছে, সেয়া খুব দীঘলীয়া সময়ৰ একেধৰণৰ ধাৰাৰ অসমীয়া চিনেমা নিৰ্মাণৰ পিছতহে আহিছে, গতিকেই দৰ্শকক হয়তো এই পৰিৱৰ্তনক আঁ‌কোৱালি ল’বলৈ কিছু সময়ৰ প্ৰয়োজন হৈছে। সেইটোও স্বাভাৱিক কথাই। পিছে যিমান সোনকালে দৰ্শকৰ এই গ্ৰহণযোগ্যতা আমি পাম, সিমান সোনকালেই আমাৰ কষ্টবোৰ সাৰ্থক হ’ব।

প্ৰশ্নঃ- এই যে চিনেমা সম্পৰ্কে বিশেষ কোনো পৰ্যাপ্ত অধ্যয়ন, ধাৰণা নথকা এচাম লোকে মাথোঁ খন্তেকীয়া স্থূল মনোৰঞ্জনধৰ্মী চিনেমা নিৰ্মাণ কৰি থাকে মাজে সময়ে, এই কথাটোৱে বাৰু দৰ্শকৰ মনত অসমীয়া চিনেমা সম্পৰ্কে বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতেই উদ্যোগটোৰো ক্ষতি কৰা নাই নে?

কংকন ডেকাঃ- হয়, এই কথাটিত সম্পূৰ্ণকৈ একমত মই। এনে কিছুমান সস্তীয়া মনোৰঞ্জধৰ্মী ছবিৰ বাবে বহু সময়ত দৰ্শকে ছবিগৃহলৈ আন এখন অসমীয়া চিনেমা চাবলৈ আহিবৰ সাহস নকৰে। ফলত, আমাৰ দৰে বহুতৰ কষ্ট অথলে যায় আৰু ই আন এক ডাঙৰ কাৰণ উদ্যোগটোৰ ক্ষতি হৈ থকাৰ।

প্ৰশ্নঃ- অসমীয়া চিনেমাৰ দৰ্শক সম্পৰ্কে ধাৰণা কি আপোনাৰ?

কংকন ডেকাঃ- দৰ্শকেই আমাৰ বাবে মূল। দৰ্শক অবিহনে আমি চিনেমা নিৰ্মাণ কৰাৰ কোনো অৰ্থই নেথাকিব। পিছে এইখিনিতে এটা কথা মনলৈ আহে যে আজিকালি প্ৰায়েই দৰ্শকে আপত্তি কৰা শুনা যায় যে- অসমীয়া চিনেমাৰ মুক্তিৰ পূৰ্বে পৰ্যাপ্ত প্ৰচাৰৰ অভাৱ। কিন্তু চিনেমা এখন দৰ্শকে চিনেমাখনৰ মানদণ্ডৰ ভিত্তিত বিচাৰ কৰি চাব নে প্ৰচাৰৰ চমকৰ ভিত্তিত? নিশ্চয়কৈ মানদণ্ডৰ ভিত্তিতেই এতিয়াও অসমীয়া চিনেমা দৰ্শকে চাবলৈ আহে বুলি মই বিশ্বাস কৰো। আৰু ভালখিনি নিশ্চয়কৈ গ্ৰহণ কৰিব বুলিও বিশ্বাস কৰো।

 

লগতে পঢ়ক অসমতো জাত-পাতৰ নিলৰ্জ ছবি! গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰ প্ৰশাসনৰ

প্ৰশ্নঃ- ভৱিষ্যত পৰিকল্পনা কি আপোনাৰ?

কংকন ডেকাঃ- আৰু চিনেমা নিৰ্মাণৰ ইচ্ছা।

প্ৰশ্নঃ- বিশেষভাৱে প্ৰভাৱান্বিত কৰা চিনেমা বা চিনেমাৰ পৰিচালকৰ বিষয়ে কওকচোন।

কংকন ডেকাঃ- চিনেমা বুলি নিৰ্দ্দিষ্টকৈ ক’বলৈ আচলতে টান। পিছে অ, পৰিচালকৰ কথা ক’ব পাৰিম, যাৰ কাম ভাল লাগে বা যাৰ কামৰ দ্বাৰা প্ৰভাৱান্বিত হওঁ। তেনে কেইগৰাকীমান পৰিচালক হৈছে— ৱাংকাৰ ৱাই, টেৰেঞ্চ মালিক, হৃত্বিক ঘটক, ফেলিনি ইত্যাদি।

প্ৰশ্নঃ- অসমীয়া চলচ্চিত্ৰ উদ্যোগত অভাৱ কি কি? যাৰ বাবে আজিও প্ৰকৃতাৰ্থত ইয়াক এটা উদ্যোগ বুলিব পৰা হোৱা নাই৷

কংকন ডেকাঃ- প্ৰথম আৰু প্ৰধান কাৰণ হ’ল ছবিগৃহ বা হলৰ অভাৱ। এতিয়া অসমত অন্ততঃ ১০০টা হলৰ নিতান্তই প্ৰয়োজন। তাৰপিছত হে বাকী কথা।

প্ৰশ্নঃ- বঁ‌টা বাহন সম্পৰ্কে হাবিয়াস আৰু চিন্তা কি?

কংকন ডেকাঃ- বঁ‌টা-বাহন অৱশ্যেই ভাল লগা এক কথা। কষ্ট কৰি কৰা কাম এটাৰ বাবদ এনে স্বীকৃতি পালে কাৰ নো বেয়া লাগিব! পিছে বঁ‌টা-বাহনতকৈয়ো মোৰ বাবে দৰ্শকৰ সন্তুষ্টি অধিক মূল্যবান।

প্ৰশ্নঃ- উপসৰ্গ নিৰ্মাণৰ ক্ষেত্ৰত যি উদ্যমেৰে কাম কৰিছিলে আৰু ছবি মুক্তিৰ পিছত সেই প্ৰত্যাশা পূৰণ হ’ল নে?

কংকন ডেকাঃ- ব্যৱসায়িক দিশত যদিওবা এতিয়ালৈকে প্ৰত্যাশিত সাফল্য পোৱা নাই, পিছে যিসকলে চাইছে, সকলোৰে পৰাই এক আশাব্যঞ্জক সঁ‌হাৰি বা ছবিখন চাই তেওঁ‌লোকৰ সন্তুষ্টি জানিব পাৰি ভাল লাগিছে।

প্ৰশ্নঃ- চলচ্চিত্ৰ নিৰ্মাণৰ বাবে এই বিষয়ক কোনো পাঠ্যক্ৰম বা প্ৰশিক্ষণ লোৱা জৰুৰী নে?

কংকন ডেকাঃ- হয়, জৰুৰী বুলি ভাবো। চলচ্চিত্ৰ নিৰ্মাণৰ দুটি প্ৰধান দিশ নন্দনতত্ব আৰু প্ৰযুক্তিগত, এই দুই দিশৰ প্ৰথমবিধ নিৰ্মাতাজনৰ স্ব-সৃষ্ট হ’ব পাৰে, যদিও প্ৰযুক্তিগত বা টেকনিকেল দিশটোৰ বাবে অন্ততঃ পাঠ্যক্ৰম আদি গ্ৰহণ কৰা জৰুৰী, অথবা কোনো পৰিচালকৰ সহযোগী হিচাপে কাম কৰিও শিকা প্ৰয়োজনীয়।

ধন্যবাদ কংকন ডেকা, আমাৰ সৈতে ইমানখিনি চিনেমা সম্পৰ্কীয়া বাৰ্তালাপৰ বাবে। ভৱিষ্যত সময়ত আপোনাৰ পৰা আৰু এনেধৰণৰ উন্নত মানদণ্ডসম্পন্ন কলাৰ অৱদান অব্যাহত থাকিব বুলি আশা ৰাখিছো। শুভেচ্ছা আৰু ধন্যবাদ।

 

সাক্ষাৎগ্ৰহণ- ৰিমলী বৰকটকী

ইমেইল- rimli.borkotoky1985@gmail.com

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Assemese filmaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamUpasharga
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?
বিনোদন

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

April 12, 2026
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…
বিনোদন

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

April 11, 2026
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?
বিনোদন

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

April 10, 2026
Next Post
অকুতোভয়! বন্যজন্তু প্ৰেমৰ অপূৰ্ব নিদৰ্শন; নাহৰফুকুটীৰ ভৰিত ৰাখী পিন্ধাই চৰ্চিত কোন মহিলা?

অকুতোভয়! বন্যজন্তু প্ৰেমৰ অপূৰ্ব নিদৰ্শন; নাহৰফুকুটীৰ ভৰিত ৰাখী পিন্ধাই চৰ্চিত কোন মহিলা?

৭৫ নে ৭৬? স্বৰাজৰ বয়সক লৈ চৰ্চা

৭৫ নে ৭৬? স্বৰাজৰ বয়সক লৈ চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.