আকৌ এবাৰ দিল্লীত ধৰ্ষণৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। তিনিগৰাকী স্কুলীয়া ছাত্ৰীক অপহৰণ কৰাৰ পিছতে দিল্লীৰ ৰোহিনী অঞ্চলত পানীয়ত টোপনিৰ বড়ি মিহলাই খোৱাই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে দুগৰাকী মহিলাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা ৬ আগষ্টত মছজিদ মঠ অঞ্চলৰ এজন বাসিন্দাই ডিফেন্স কলনী থানালৈ গৈ অভিযোগ কৰিছিল যে তেওঁৰ কন্যা পুৱা ৭:৩০ বজাত স্কুললৈ যোৱা পিছৰে পৰা নিৰুদ্দেশ হৈ আছে।
পিতৃয়ে দাবী কৰে যে তেওঁৰ কন্যাই স্কুলৰ বাহনত বিদ্যালয়লৈ গৈছিল যদিও বিয়লি প্ৰায় ২ বজাত স্কুল বাছৰ চালকে সেই দাবী নস্যাৎ কৰি কয় যে ছাত্ৰীগৰাকীয়ে স্কুল বাছত উঠা নাছিল। পিছত আৰক্ষীৰ তদন্তত ছাত্ৰীগৰাকীয়ে স্কুললৈ নোযোৱাটোহে স্পষ্ট হয়।
লগতে পঢ়ক Jioৰ বাম্পাৰ অফাৰ! ১৫ দিনলৈ বিনামূলীয়াকৈ দিব ইন্টাৰনেট!
ইয়াৰ পাছতে গম পোৱা যায় যে কেৱল এগৰাকী ছাত্ৰীয়েই নহয়, সেইদিনা বিদ্যালয়খনৰ অন্য দুগৰাকী ছাত্ৰীও বিদ্যালয়লৈ নগৈ নিৰুদ্দেশ হৈ আছিল। ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰে। নিৰুদ্দেশ হোৱা ছাত্ৰীকেইগৰাকীৰ অভিভাৱক আৰু সহপাঠীসকলক আৰক্ষীয়ে জেৰা আৰম্ভ কৰাৰ লগতে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয়।
আৰক্ষীয়ে অভিযান চলাই অৱশেষত কাৰোল বাগ এলেকাত তিনিওগৰাকী নিৰুদ্দেশ হোৱা ছাত্ৰীকেই উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ছাত্ৰীকেইগৰাকীক উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়।
ইফালে উদ্ধাৰ কৰাৰ পাছতে ছাত্ৰীকেইগৰাকী সমগ্ৰ ঘটনা সদৰী কৰে। তেওঁলোকে জনোৱা মতে, অভিযুক্তৰ এজনে তেওঁলোকক ৰোহিনী অঞ্চলৰ এটা ঘৰলৈ লৈ যায়। তাৰপাছতে তেওঁলোকক তাত বন্দী কৰি ৰাখি পাছত ধৰ্ষণ কৰে। কেনেবাকৈ আটাইকেইগৰাকী ছাত্ৰীয়ে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক এইবাৰ ভাৰাতীয়াৰ মূৰত ৰামটাঙোন! ভাৰাতীয়াই দিব লাগিব ১৮ শতাংশ জিএছটি!
ছাত্ৰীকেইগৰাকীয়ে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে সেই স্থানত অভিযান চলাই এটা মানৱ সৰবৰাহকাৰী চক্ৰৰ ক্ৰমে লাল শৰ্মা, সন্দীপ, ৰুকচন, জ্যোতি নামৰ চাৰি সদস্যক গ্ৰেপ্তাৰ কৰে৷ ধৃতসকলক সোধা-পোছা কৰাৰ পাছত আৰক্ষীয়ে জানিবলৈ দিয়ে যে অভিযুক্তসকলে ছাত্ৰীকেইগৰাকীক চণ্ডীগড়লৈ চোৰাংভাৱে লৈ যোৱাৰ পৰিকল্পনা কৰিছিল।
ধৃত ৰুকচন আৰু জ্যোতিক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু আৰক্ষীয়ে বাকী দুই অভিযুক্তক জেৰা অব্যাহত আছে।
ইফালে দিল্লী মহিলা আয়োগে ১৪ আগষ্টৰ ভিতৰত এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ পৰা সম্পূৰ্ণ প্ৰতিবেদন বিচাৰিছে। দিল্লী মহিলা আয়োগৰ এক বিবৃতিত কোৱা হৈছে যে ছাত্ৰীকেইগৰাকীয়ে একেলগে মুম্বাইলৈ যোৱাৰহে পৰিকল্পনা কৰিছিল আৰু ইয়াৰ বাবেই তেওঁলোকে নতুন দিল্লী ষ্টেচনত উপস্থিত হৈছিল। তাতে এজন অচিনাকি মানুহৰ সৈতে তেওঁলোকৰ কথা-বতৰা হয় আৰু টিকট দিয়াৰ নামত ব্যক্তিজনে ছাত্ৰীকেইগৰাকীক ৰোহিনী অঞ্চলৰ এটা কোঠালৈ নি তাতে আৱদ্ধ কৰি সতীৰ্থৰ সৈতে ধৰ্ষণ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ