অসমতো উত্তৰ ভাৰতৰ দৰেই জাত-পাত, উচ্চ-নীচ আদি সামাজিক বৈষম্য বৰ্তমান বিৰাজমান৷ সেই কথাকে প্ৰমাণ কৰিলে মংগলদৈ পতালসিং পাৰাৰ গণক চুবাত সংঘটিত এক ঘটনাই৷
উল্লেখ্য যে যোৱা মঙলবাৰে মঙলদৈ গণক চুবাত অতুল শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। কিন্তু পৰিতাপৰ কথা যে লোকজনে তথাকথিত নিম্ন বৰ্ণৰ এগৰাকী মহিলাক বিবাহ কৰাৰ বাবেই সমাজে তেওঁৰ মৃতদেহ সৎকাৰৰ কৰিবলৈ মান্তি নহ’ল৷
সমাজৰ দাবী যে অতুল শৰ্মাই অসবৰ্ণ মহিলাক বিবাহ কৰাৰ বাবে তেওঁৰ জাত গৈছিল গতিকে তেওঁৰ মৃতদেহ স্পৰ্শ কৰিলে তেওঁলোক অস্পৃশ্য হোৱাৰ লগতে পুৰোচিত হ’বলগীয়া হ’ব৷ এই আশংকাতে অতুল শৰ্মাৰ সমাজৰ লোকে তেওঁৰ মৃতদেহ সৎকাৰ কৰিবলৈ অমান্তি হয়৷
লগতে পঢ়ক এইবাৰ ভাৰাতীয়াৰ মূৰত ৰামটাঙোন! ভাৰাতীয়াই দিব লাগিব ১৮ শতাংশ জিএছটি!
ইয়াৰ পিছতে উপায়ন্তৰ হৈ অৱশেষত অতুল শৰ্মাৰ দুই ভাতৃৰ সহায়ত পৰিয়ালটোৱে লোকজনৰ মৃতদেহ নি নদীৰ পাৰত গাঁত খান্দি পুতি থব লগা হৈছিল।
এই ঘটনাটো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি নীতি অনুসৰি সৎকাৰ কৰাৰ পৰিৱৰ্তে গাঁতত মৃতদেহ পুতিব লগা হোৱাত স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ সচেতন সমাজ।
স্মৰ্তব্য যে গণক সম্প্ৰদায়ৰ অতুল শৰ্মাই প্ৰায় ২৭ বছৰ পূৰ্বে কোঁচ সম্প্ৰদায়ৰ প্ৰণীতা দেৱীক বিয়া কৰাইছিল। জাতপাতৰ বিচাৰত নিমজ্জিত সমাজখনে ইয়াৰ বাবে অতুল শৰ্মাৰ পৰিয়ালটোক অস্পৃশ্য বুলি ঘোষণা কৰি সামাজিকভাৱে বৰ্জন কৰি আহিছিল৷
লগতে পঢ়ক প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ
ইফালে ঘটনাটোৱে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে প্ৰশাসনৰ উদ্যোগত অতুল শৰ্মাৰ পুতি থোৱা মৃতদেহটো উদ্ধাৰ কৰি পুনৰ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে সৎকৰাৰ ব্যৱস্থা কৰা হয়৷
শুকুৰবাৰে দণ্ডাধীশৰ লগতে আক্ৰাছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে মঙলদৈ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিতি হৈ গাঁতৰ পৰা অতুল শৰ্মাৰ মৃতদেহ উলিয়াই আনি পুনৰ সৎকাৰ কৰাৰ ব্যৱস্থা কৰে।
আনহাতে, উক্ত ঘটনাটোত উচতনিমূলক মন্তব্য কৰি গাঁওবাসীক বিপথে পৰিচালিত কৰাৰ অভিযোগত মঙলদৈ আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধান চলাই যাদব শৰ্মা নামৰ গাওঁখনৰ এগৰাকী মুখিয়াল লোকক আটক কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ