পোষ্ট অফিচ হৈছে সকলো মানুহৰেই ভৰসাৰ স্থান৷ বাহিৰত মানুহে ধন বিনিয়োগ কৰিবলৈ ভয় কৰে৷ বজাৰত যিধৰণে এতিয়া প্ৰতাৰক ওলাইছে এতিয়া সাধাৰণ মানুহে ধন বিনিয়োগ কৰিবলৈকে ভয় কৰা হৈছে৷ বেছিভাগ মানুহৰেই বিনিয়োগৰ বাবে বিশেষ ভৰসা এতিয়া পোষ্ট অফিচ৷
পোষ্ট অফিচত আছে ৰেকাৰিং ডিপোজিট স্কিম৷ তাতেই সুদৰ হাৰ হৈছে ৬.৭শতাংশ৷ যদি ৫বছৰ ধৰি ধন বিনিয়োগৰ কৰে তেন্তে কিমান ৰিটাৰ্ণ পাব? পোষ্ট অফিচত আপুনি মাহিলী ১০০ টকা বিনিয়োগ কৰিব পাৰে৷ সৰ্বোচ্চ কিমান বিনিয়োগ কৰিব সেয়াও আপোনাৰ কথা৷ তাত যিমান টকাই বিনিয়োগ কৰে সেয়া একেবাৰেই নিৰাপদ৷
যদি পোষ্ট অফিচৰ ৰেকাৰিং স্কিমত মাহিলী ৭হাজাৰকৈ বিনিয়োগ কৰে তেন্তে আপোনাৰ মুঠ জমা টকা হ’ব ৪লাখ ২০ হাজাৰ টকা৷ আৰু ইয়াৰ ওপৰত যদি ৬.৭শতাংশ হাৰত সুদ পোৱা যায় তেন্তে আপুনি সুদ লাভ কৰিব ৭৯ হাজাৰ ৫৬৮টকা৷ তেন্তে আপোনাৰ হাতলৈ আহিব ৮লাখ ৯৯ হাজাৰ ৫৬৮টকা৷ ইয়াৰ পাছত যদি আৰু ৫বছৰ আপুনি এই বিনিয়োগ অব্যাহত ৰাখে তেন্তে আপোনাৰ হাতলৈ আহিব প্ৰায় ১২ লাখ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ