অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে চৰম সংকটত আছে পাকিস্তান৷ এই সংকটৰ সময়তে আন এক বিপদৰ সন্মুখীন হ’ল ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখন৷ আকৌ পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক চলিল৷ পাক সীমান্ত পাৰ হৈ জইচ-অল-অদল নামৰ সন্ত্ৰাসবাদী গোটটোৰ কমাণ্ডৰক গুলীয়াই হত্যা কৰে আন এখন দেশৰ সেনাই৷ ইৰান সেনাই দাবী কৰা মতে পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জইচ-অল-অদলৰ কমাণ্ডৰক হত্যা কৰিছে দেশখনৰ সেনাই৷ পাকিস্তানৰ ভূমিত পুৱতি নিশা ইৰান সেনাই প্ৰৱেশ কৰি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোক গুলীয়াই হত্যা কৰে৷
উল্লেখ্য যে এই চাৰ্জিকেল ষ্ট্ৰাইকৰ পূৰ্বে ইৰানে পাকিস্তানত থকা জইচ-অল-অদলৰ সন্ত্ৰাসবাদী ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছিল৷ এই আক্ৰমণৰ পাছতে ইৰানক সতৰ্ক কৰি ভাবুকি দিছিল পাক চৰকাৰ তথা সেনাই৷ পাকিস্তানৰ সেই ভাবুকিৰ পাছতে ইৰান সেনাই পাক ভূমিত প্ৰৱেশ কৰি ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীটোক নিহত কৰে৷
‘অল আৰবীয়া’ নিউজৰ ৰিপ’ৰ্ট মতে ২০১২ চনত পাকিস্তানৰ জইচ-অল-অদল সংগঠনটোৰ জন্ম হৈছিল৷ এই সংগঠনটোৰ পাকিস্তানৰ বালুচিস্তানৰ পৰা ইৰানৰ দক্ষিণ-পূব প্ৰান্তৰ চিস্তানপৰ্যন্ত সক্ৰিয় হৈ আছে৷ পাকিস্তানত জন্ম লোৱা এই সংগঠনটোৱে প্ৰায়ে ইৰান সেনাৰ ওপৰত আক্ৰমণ কৰি আহিছিল৷ আনকি বিগত বছৰৰ ডিচেম্বৰ মাহত বালুচিস্তানৰ সমীপত সন্ত্ৰাসবাদী সংগঠনটোৱে এটা আৰক্ষী চকীত আক্ৰমণ কৰি বোমাৰে উৰুৱাই দিছিল৷ এই আক্ৰমণত ১১ জন আৰক্ষী নিহত হৈছিল৷ ইৰানে বাৰে বাৰে সংগঠনটোক সকীয়াই দিয়াৰ পাছতো ইৰান সেনাৰ ওপৰত আক্ৰমণ কমোৱা নাছিল জইচ-অল-অদলে৷ যাৰ বাবে চাৰ্জিকেল ষ্ট্ৰাইক চলা পাকিস্তানৰ ভূমিতেই সন্ত্ৰাসবাদী সংগঠনটোৰ কমাণ্ডৰক হত্যা কৰে ইৰানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ