বিবাহৰ মাত্ৰ ১৩ দিন হৈছিল৷ ইয়াৰ পাছতেই স্বামীৰ ৰহস্যমৃত্যু৷ মেঘালয়ৰ হানিমুন মাৰ্ডাৰ এতিয়া দেশৰ এই মুহূৰ্তৰ টক অফ দ্যা নেশ্ব্যন৷ স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ নেপথ্যত মাষ্টাৰমাইণ্ড সোনমেই সেই কথা প্ৰায় খাটাং হৈ পৰিছে৷ সকলো তদন্ত আগবাঢ়িছে, তাৰমাজতেই আকৌ এটা তথ্য উদঘাটন কৰিছে আৰক্ষীয়ে৷ সোনম অন্তঃসত্ত্বা নেকি? চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি দিয়া ৰিপৰ্টত লিখা তথ্যত আছে আনক্লিয়াৰ৷ অৰ্থাৎ অন্তঃসত্ত্বা ৰিপৰ্ট নিগেটিভ নহয়৷
সোনম মাতৃ হ’বলৈ ওলাইছে নেকি?
সোমবাৰে সোনম ৰাঘুবংশীৰ মেডিকেল চেকআপ কৰা হৈছে৷ তেওঁৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ পৰীক্ষা কৰিছে চিকিৎসকে৷ সূত্ৰৰ খবৰ অনুসৰি শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে সোনম৷ তেওঁক এনাৰ্জি ড্কিং আৰু জুছ খাবলৈ দিয়া হৈছে৷ কিন্তু এতিয়া আৰক্ষীয়ে এটা ৰিপৰ্টতহে আনক্লিয়াৰ হৈ আছে৷ সেয়া হৈছে সোনমৰ প্ৰেগনেন্সি টেষ্ট৷
এক সৰ্বভাৰতীয় সংবাদ মাধ্যমে দিয়া তথ্য অনুসৰি সোনমৰ সেই ৰিপৰ্টত নিগেটিভ অহা নাই৷ আনক্লিয়াৰ বুলিহে উল্লেখ কৰিছে চিকিৎসকে৷ এসপ্তাহৰ পাছত ফলোআপৰ বাবে আল্ট্ৰাচাউণ্ড কৰাৰ পৰামৰ্শ দিছে চিকিৎসকে৷ বিশেষজ্ঞৰ মতে সন্তানধাৰণৰ একেবাৰে আৰম্ভণিৰ দিশত যদি পৰীক্ষা কৰোৱা হয় তেতিয়া ফলাফল ইতিবাচক নেদেখুৱাই৷ আৰু কিছুদিন অপেক্ষা কৰিব লগা হয় বা আল্ট্ৰাচাউণ্ডৰ দৰে পৰীক্ষা কৰোৱা হয়৷ সোনমৰ আলট্ৰাচাউণ্ডৰ ৰিপৰ্টত কি আহে সেই দিশত নজৰ ৰাখিছে আৰক্ষীয়েও৷
উল্লেখ কৰা প্ৰয়োজন যে, ৰাজাৰ সৈতে বিবাহৰ পূৰ্বৰে পৰাই ৰাজৰ সৈতে মিলামিছা আছিল সোনমৰ৷ সেইক্ষেত্ৰত যদি সোনম অন্তঃসত্বাও তেন্তে সেই সন্তান ৰাজ নে ৰাজাৰ সেয়া স্পষ্ট কৰাও কঠিন হৈ পৰিব পাৰে তদন্ত প্ৰক্ৰিয়াৰ মাজত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















