অসম লাইভ ২৪ঃ ক’ৰোনা মহামাৰীয়ে সলাই পেলাইছে বহুতৰে জীৱন। বহু ধনাঢ্যও পথৰ ভিক্ষাৰীলৈ পৰ্যবেক্ষিত হৈছে বুলি ক’লেও অত্যুক্তি নহয়। কিন্তু ক’ৰোনাই এজন দিন হাজিৰা কৰা লোকক ৰূপান্তৰিত কৰিলে লাখপতিলৈ। মহামাৰীৰ পৰিণতিত বহুতেই হেৰুৱাইছে জীৱিকা।

কিন্তু এই লোকজন ক’ৰোনাৰ বাবেই লাভ কৰিলে জীৱন যাত্ৰাৰ নতুন পথ। ইছাক মুণ্ডা নামৰ ওড়িশাৰ যুৱকজনে দিন হাজিৰা কৰা পৰিয়াল চলাইছে। মহামাৰীৰ পৰিণতিত দিন হাজিৰাৰ সুবিধা হেৰুৱাই পেলাইছিল ইছাকে। পৰিয়াল চলাবলৈ গৈ বিপদত পৰিছিল যুৱকজনে। এয়া ২০২০ চনৰ কথা। এদিন তেওঁ বন্ধুৰ ফোনত youtube চায় আৰু ব্লগিং কৰা দেখুৱালে। ইয়াৰ পাছতে তেওঁ এটা ফোন কিনাৰ চিন্তা কৰে। আৰু ৩ হাজাৰ টকা ধাৰ লৈ এটা স্মাৰ্ট ফোন ক্ৰয় কৰি নিজৰ এটা youtube চেনেল খোলে। লগে লগে ভাগ্য সলনি হ’ল ইছাক মুণ্ডাৰ। নিজৰ দৈনন্দিন জীৱন চেনেলটোত দেখুৱালে ইছাকে। তেওঁ আপলোড কৰা প্ৰথম ভিডিঅ’টো আছিল পত্নী আৰু সন্তানসকলৰ সৈতে মজিয়াত বহি ভাত খোৱাৰ দৃশ্য।

৩ মাহত এই ভিডিঅ’টো ৫ লাখ লোকে চায়। সেই ভিডিঅ’টোৰ পৰা তেওঁ লাভ কৰে ৩৭ হাজাৰ টকা। ইয়াৰ পাছত তেওঁ বিভিন্ন ভিডিঅ’ আপলোড কৰিছে youtubeত। গ্ৰাম্য জীৱন সংস্কৃতি, জীৱন যাত্ৰা ইছাকৰ ভিডিঅ’ত প্ৰতিফলিত হয়। বৰ্তমান ইছাকৰ youtube চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৭ লাখ ৫২ হাজাৰৰো অধিক।

এই youtube চেনেল খোলাৰ ৫-৬ মাহৰ ভিতৰত তেওঁ প্ৰায় ৫ লাখ টকা আৰ্জন কৰিছে। এক অৰ্থত ক’ৰোনা মহামাৰীয়ে সলাই দিলে ইছাকৰ জীৱনৰ গাথা। ইছাকৰ youtube চেনেলটোৰ নাম ‘ইছাক মুণ্ডা ইটিং’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















