চৰকাৰ সলনিৰ পাছতে ডাঙৰ সিদ্ধান্ত, মহিলা সৈনিকে পৰিধান কৰিব লাগিব হিজাব
বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছত সমগ্ৰ দেশতে ইছলামকৰণ তীব্ৰতৰ হৈ পৰিছে। বাংলাদেশৰ সেনাও যেন মৌলবাদীৰ সমুখত আত্মসমৰ্পণ কৰিছে। বাংলাদেশ সেনাই প্ৰথমবাৰৰ বাবে মহিলা জোৱানক হিজাব পৰিধান কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে।
২০০০ চনত মহিলাক বাংলাদেশৰ সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু সেনাবাহিনীত হিজাব পিন্ধা নিষিদ্ধ আছিল। পাছে এতিয়া মৌলবাদীৰ হেঁচাত বাংলাদেশ সেনাই নিয়ম সলনি কৰিছে।
বাংলাদেশৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যদি মহিলা জোৱানে হিজাব পিন্ধিব বিচাৰে তেন্তে এতিয়া পিন্ধিব পাৰিব। এই সন্দৰ্ভত এডজুটেণ্ট জেনেৰেলৰ কাৰ্যালয়ৰ পৰা এক নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ পিছত এতিয়া মহিলা সামৰিক জোৱানৰ বাবে হিজাব পিন্ধাটো ঐচ্ছিক কৰি তোলা হৈছে।
দেশখনত মহিলা বিষয়া, নাৰ্চিং ষ্টাফ আৰু অন্যান্য সামৰিক বাহিনীৰ লোকে হিজাব পৰিধান কৰাত নিষেধাজ্ঞা উঠাই লোৱা হৈছে। এডজুটেণ্ট জেনেৰেলৰ কাৰ্যালয়ে জাৰি কৰা আদেশত কোৱা হৈছে যে ‘৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পি এছ অ’ সন্মিলনত নীতিগত সিদ্ধান্ত লোৱা হৈছিল, য’ত ইচ্ছুক মহিলা কৰ্মীসকলক ইউনিফৰ্মৰ সৈতে হিজাব পিন্ধিবলৈ দিয়া হৈছিল।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ