বিদ্যালয়ত আশ্ৰয় লৈ আছিল, কিন্তু তাতো ৰক্ষা নাপালে, প্ৰাণ হেৰুৱালে ২৭ গৰাকীয়ে
মঙলবাৰে ইজৰাইলে পুনৰ দক্ষিণ গাজাৰ পেলেষ্টাইন ভূখণ্ডৰ এখন বিদ্যালয়ত আক্ৰমণ চলায়। যাৰ ফলত মৃত্যুৰ সংখ্যা ২৭লৈ বৃদ্ধি পায়। একে সময়তে ৫০ৰো অধিক লোক আহত হৈছে।
স্থানচ্যুত পেলেষ্টাইনীসকলে বিদ্যালয়খনক নিজৰ আশ্ৰয় শিবিৰ কৰি লৈছিল। চাৰিদিনৰ ভিতৰত ইজৰাইলে একেৰাহে চতুৰ্থটো আক্ৰমণ কৰে বিদ্যালয়খনৰ ওপৰত। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ পৰা কোনো তাৎক্ষণিক মন্তব্য কৰা হোৱা নাই।
নাছেৰ হাস্পতালৰ এক সূত্ৰৰ মতে, দক্ষিণৰ খান ইউনিছ চহৰৰ সমীপৰ আবাছানৰ আল-আউদা স্কুলৰ গেটত সংঘটিত হয় এই আক্ৰমণ। হামাছৰ দ্বাৰা পৰিচালিত অঞ্চলটোৰ বিষয়াসকলে কয় যে এই আক্ৰমণত কমেও ২০ জন লোকৰ মৃত্যু হৈছে।
ইজৰাইলে পূৰ্বৰ তিনিটা আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। ইজৰাইলে কয় যে তিনিওটা আক্ৰমণতে বিদ্যালয়খনত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱা হৈছিল। অৱশ্যে ইজৰাইলে স্কুল, চিকিৎসালয় আৰু অন্যান্য অসামৰিক সুবিধা সামৰিক কামত ব্যৱহাৰ কৰা বুলি কৰা দাবী হামাছে অস্বীকাৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ