অসম লাইভ২৪ঃ গাজা ষ্ট্ৰীপত ইজৰাইলৰ বোমা বৰ্ষণ বন্ধ নহ’লে কোনো পণবন্দীৰে মুক্তি নাই। কেৱল এয়াই নহয়, প্ৰয়োজন হ’লে এজন এজনকৈ এইসকল পণবন্দীক হত্যা কৰা হব। হামাচৰ এই ধমকিত যুদ্ধ আৰু ভয়াৱহ হৈ পৰিছে। কিন্তু ইহুদি সেনাৰ হাতত হামাছৰ অস্তিত্বলৈ সংকট আহিছে বুলি প্ৰায়সংখ্যক আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমেই প্ৰকাশ কৰিছে। শেহতীয়াভাৱে হামাছৰ পূৰ্বৰ সেই ধমকিৰ সুৰো লাহে লাহে সলনি হৈছে। কোনো পণবন্দীক মুকলি কৰি নিদিও বুলি কোৱা হামাছে অৱশেষত মুকলি কৰি দিলে দুইগৰাকী মাৰ্কিন পণবন্দীক মুকলি কৰি দিছে।
হামাছৰ হাতত বন্দী হৈ থকা দুগৰাকী মাৰ্কিনী মহিলাৰ নাম হৈছে নাটালি ৰানান আৰু জুডিথ। মাতৃ আৰু কন্যা দুয়োকেই পণবন্দী কৰিছিল হামাছে। শুকুৰবাৰে দুয়োগৰাকীকেই মুকলি কৰি দিয়াৰ কথা বিবৃত্তিযোগে প্ৰকাশ কৰিছে বেঞ্জামিন নেতানিয়াহুৱে। নেতানিয়াহুৱে লিখিছে, ‘১৭ বছৰীয়া নাটালী আৰু তেওঁৰ মাতৃ জুডিথক ৰাফাহ ক্ৰছিঙেৰে মিছৰলৈ লৈ যোৱা হৈছে। ইজৰাইলী নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক সুকলমে গাজাৰ পৰা আঁতৰাই নিছে।’ কিন্তু কিয় হঠাৎ মাৰ্কিন নাগৰিকক মুক্তি দিলে হামাছে?
৭ অক্টোবৰত দক্ষিণ ইজৰাইলত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা। গাজা ষ্ট্ৰীপেৰে সীমান্ত পাৰ হৈ ইহুদি ভূমিত হোৱাই আক্ৰমণ কৰিছিল হামাছে। এই আক্ৰমণৰ সময়তেই প্ৰায় ডেৰ হাজাৰ ইজৰাইলীক হত্যা কৰিছিল হামাছ বাহিনীয়ে। প্ৰায় ২০০ জন ব্যক্তিক পণবন্দী কৰিছিল হামাছ বাহিনীয়ে। এই পণবন্দী কৰাসকলৰ ভিতৰতেই আছিল মাৰ্কিন নাগৰিকো। নাটালি আৰু জুডিথ নামৰ দুই মাৰ্কিন নাগৰিকৰেই আছে ইজৰাইলৰ নাগৰিকত্ব। গাজাৰ পৰা মাত্ৰ দুই কিঃমিঃ দূৰৰ নাহাল ওজ কিবুকজ নামৰ এটা এলেকাত বাস কৰিছিল নাটালি আৰু জুডিথে।
হামাছৰ পৰা মুক্তি লাভ কৰাৰ পাছত নাটালী আৰু জুডিথক প্ৰথম এখন ইজৰাইলী সামৰিক ঘাটিত লৈ যোৱা হৈছিল। তাতেই পৰিবাৰৰ সদস্যসকলৰ সৈতে ফোনযোগে কথা কথা পাতিবলৈ দিয়া হৈছে দুই মাৰ্কিন যুৱতীক। নাাটালিৰ পিতৃ উৰিয়ে জনোৱা অনুসৰি কন্যাৰ সৈতে কথা হৈছে। তাই ভালেই আছে। ইফালে হামাছে এই সন্দৰ্ভত দিয়া বিবৃত্তিত উল্লেখ কৰিছে যে, মানৱতাৰ খাতিৰত মাতৃ কন্যাক মুক্তি দিয়া হৈছে। কিছুদিন পূৰ্বে মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেনেও ইজৰাইল ভ্ৰমণ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ