শিল্পী হোৱাটো ইমান সহজ নহয়! এফালে পত্নীৰ ঢুকুৱা বেদনা, আনফালে আখৰাগৃহত তপন দাসৰ অভিনয়। ইতিহাস থিয়েটাৰৰ সৈতে চুক্তি হোৱা বিশিষ্ট অভিনেতা তপন দাসৰ অতুলনীয় কৰ্তব্যনিষ্ঠা। বুকুত এসাগৰ দুখ লৈও কেতিয়াবা এজন থিয়েটাৰৰ শিল্পীয়ে নিজৰ সংলাপ প্ৰক্ষেপণ কৰিব লাগে।
ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীৰ জীৱন,ত্যাগ, কষ্ট আৰু দায়বদ্ধতাৰ ভিতৰত থাকে। এয়াই ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীৰ জীৱন। মাত্ৰ ৪ দিন পূৰ্বে পত্নী পূৰৱী শৰ্মাৰ আকস্মিক বিয়োগৰ পিছত এতিয়া আখৰাগৃহত ব্যস্ত হৈ পৰিছে বিশিষ্ট অভিনেতা তপন দাস। পত্নীৰ মৃত্যুৰ পূৰ্বে ২০২৬-২৭ নাট্যবৰ্ষৰ বাবে ইতিহাস থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল অভিনেতাজন। কিন্তু নিয়নিতৰ নিষ্ঠুৰ পৰিহাস, হঠাতে সকলোকে এৰি অজান মূলুকলৈ গুচি যায় পূৰৱী শৰ্মা। যিহেতু তেওঁ পূৰ্বে চুক্তিবদ্ধ হৈছিল, সেয়ে ঘৰত কন্য়া ৰাধাক এৰি নিজৰ আখৰা আৰম্ভ কৰিছে।

এইবাৰ এই নাট্যদলটোৱে কাবুলীৱালাৰ দৰে বহুচৰ্চিত নাটখনো মঞ্চস্থ কৰিব। ভ্ৰাম্যমাণ থিয়েটাৰ ৯ মহীয়া এক দীঘলীয়া যাত্ৰা। এনেধৰণৰ অলেখ অযুত প্ৰশ্ন এতিয়া অসমৰ নাট্যপ্ৰেমী ৰাইজৰ মাজত। ইতিহাস থিয়েটাৰৰ সৈতে কৰা চুক্তি অনুসৰি প্ৰযোজক, দৰ্শক, আহ্বায়ক সমিতি আৰু ১২০ জনীয়া ইতিহাসৰ পৰিয়ালটোৰ কথা চিন্তা কৰিয়েই ইতিহাস থিয়েটাৰৰ আখৰাগৃহত প্ৰৱেশ কৰে জনপ্ৰিয় অভিনেতা তপন দাসে। পত্নীৰ বিয়োগৰ এবুকু বেদনা লৈ নাট্য আখৰাত ব্যস্ত অভিনেতাজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















