অসম লাইভ ২৪ঃ গোমতি নদীত জল সত্যাগ্ৰহ উত্তৰ প্ৰদেশৰ লখিমপুৰ খীৰী জিলাৰ জতনগঞ্জ গাঁওবাসীৰ। এখন মুৰ্গীফাৰ্মক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ প্ৰতিবাদত এই জল সত্যাগ্ৰহ গাঁওবাসীৰ। গাঁওখনত থকা এখন মুৰ্গীৰ ফাৰ্মৰ পৰা সৃষ্টি হোৱা প্ৰদূষণৰ বাবে চিন্তিত গাঁওখনৰ বাসিন্দাসকল। গাঁওবাসীৰ মতে, মুৰ্গীৰ ফাৰ্মৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ আৰু দুৰ্গন্ধৰ ফলত গাঁওখনত সংক্ৰামক ৰোগ বিয়পাৰ সম্ভাৱনা বেছি। সেয়েহে গাঁওখনৰ পৰা মুৰ্গীৰ ফাৰ্মখন উঠাই নিয়াৰ দাবীৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে। জিলা প্ৰশাসনে এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুমকাৰ গাঁওবাসীৰ। গাঁৱৰ পুৰুষসকলৰ সৈতে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে মহিলাসকলেও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ