ডিজিটেল ডেস্কঃ জালুকবাৰী ত্যাগ কৰি উজনিমুখী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা। ৩০বছৰ ধৰি নিজা দখলত ৰখা জালুকবাৰী সমষ্টি এৰি যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ প্লেনিং কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰহাটত নিজে প্ৰতিন্দন্দ্বিতা কৰি উজনিৰ ৫০টা সমষ্টিত বিজেপিৰ জয় নিচান উৰুৱাৰ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মাৰ। তলে তলে ইতিমধ্যে সকলো ৰাজনৈতিক কুজকাৱাজ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
২০২৬ৰ বিধানসভা নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ আঁৰত আছে অন্য এটা কাৰন। ইতিমধ্যে হৈ যোৱা সমষ্টি পুণঃনিৰ্ধাৰণ প্ৰক্ৰিয়াত বিলুপ্তি ঘটিছে জালুকবাৰী বিধানসভা সমষ্টি। এই পৰিস্থিতিৰে সুযোগ লৈ মুখ্যমন্ত্ৰীয়ে এইবাৰ নামনিৰ পৰিৱৰ্তে উজনিত নিজৰ স্থিতি সবল কৰাৰ উদ্দেশ্যৰে যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ পৰিকল্পনা যুগুত কৰিছে।
হিমন্ত বিশ্ব শৰ্মাই উজনিৰ ভিতৰত যোৰহাট বিধানসভা সমষ্টি বাচি লোৱাৰ অন্য এটা কাৰন আছে। যোৰহাটতে বাল্য কাল কটাইছিল হিমন্ত বিশ্ব শৰ্মাই। বাল্য শিক্ষা যোৰহাটতে গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ বাল্য ভৱন লৈ গৈ নষ্টালজিক হৈ পৰিছিল। ইয়ো অন্য এটা উল্লেখনীয় কাৰন বুলি কব পাৰি।
আনহাতে উজনিত বিজেপিয়ে ৫০টাকৈ সমষ্টি দখল কৰি আছে। এই শক্তিক আৰু অধিক শক্তিমান বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই উজনিত প্ৰতিন্দন্দ্বিতা কৰাৰ বাবে মন মেলিছে। আমি যদি চাও পূৰ্বৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তৰ পৰা সৰ্বানন্দ সোণোৱালৰ লৈকে সকলোৱে উজনি অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। সকলোবোৰ মিলাই এইবাৰ ২০১৬ত অন্য এক ৰণনীতিৰে নিৰ্বাচনত অৱৰ্তীণ হব শাসকীয় বিজেপি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ