জেমছ এণ্ডাৰছনৰ ইতিহাসৰ শ্ৰেষ্ঠ ১১ খেলুৱৈ, দলত চাৰি ভাৰতীয় কিংবদন্তি
ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন কিংবদন্তি দ্ৰুত বলাৰ জেমছ এণ্ডাৰছনৰ বিষয়ে নজনা হয়তো কোনো ক্ৰিকেট প্ৰেমী নাই। টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন বেগী বলাৰ। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ৪২ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
শেহতীয়াকৈ টকস্প’ৰ্ট ক্ৰিকেট ইউটিউব চেনেলত প্ৰাক্তন সতীৰ্থ ষ্টিভ হাৰমিছনৰ সৈতে বিশেষ কথা-বতৰা পাতিছিল প্ৰাক্তন ইংৰাজ বেগী বলাৰগৰাকীয়ে। এই সময়ছোৱাত দুয়োগৰাকী কিংবদন্তিৰ মাজত শ্ৰেষ্ঠ খেলুৱৈৰ বিষয়ে আলোচনা কৰা হয়।
এই কথা-বতৰাৰ সময়তে এণ্ডাৰছনে তেওঁৰ সৰ্বকালৰ শ্ৰেষ্ঠ এঘাৰ খেলুৱৈৰ বিষয়ে সদৰি কৰে। পাছে এই দলত নাই কেভিন পিটাৰছনৰ নাম। যাক ইংলেণ্ডৰ অন্যতম প্ৰতিভাৱান বেটছমেন হিচাপে গণ্য কৰা হয় তথা এণ্ডাৰছনৰ সতীৰ্থ।
এণ্ডাৰছনৰ এই সৰ্বকালৰ শ্ৰেষ্ঠ ১১ জনীয়া দলত স্থান পাইছে ৪গৰাকীকৈ ভাৰতীয় খেলুৱৈয়ে। দলৰ আৰম্ভণি যুটি হিচাপে নিৰ্বাচিত কৰিছে এলেষ্টাৰ কুক আৰু বীৰেন্দ্ৰ ছেহৱাগক। আনহাতে মিডল অৰ্ডাৰৰ দায়িত্ব বিৰাট কোহলী, জো ৰুট আৰু শচীন টেণ্ডুলকাৰৰ কান্ধত ন্যস্ত কৰা হৈছে। উইকেটকীপাৰ হিচাপে তেওঁ ভাৰতীয় যুৱ তাৰকা ঋষভ পন্তৰ বাহিৰে আন কাকো দলত অন্তৰ্ভুক্ত কৰা নাই।
এণ্ডাৰছনৰ নিৰ্বাচিত সৰ্বকালৰ শ্ৰেষ্ঠ ১১ – ছাৰ এলেষ্টাৰ কুক, বীৰেন্দ্ৰ ছেহৱাগ, শচীন টেণ্ডুলকাৰ, বিৰাট কোহলী, জো ৰুট, এণ্ড্ৰু ফ্লিণ্টফ, ঋষভ পন্ত, শ্বেন ৱাৰ্ণ, ষ্টুয়াৰ্ট ব্ৰড, গ্লেন মেকগ্ৰাথ আৰু ডেল ষ্টেইন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ