অতিকে শোকাৱহ, জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে
এক অতিকে শোকাৱহ দুৰ্ঘটনাই কঁপাই গ’ল দেশ। উৰাবাতৰিৰ বাবেই প্ৰাণ হেৰুৱালে ১০ গৰাকী লোকে। জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে। মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ৰেল দুৰ্ঘটনা।
পাচোৰাৰ পৰ্ধাডে ষ্টেচনৰ সমীপৰ পুষ্পক এক্সপ্ৰেছত অগ্নিকাণ্ডৰ উৰাবাতৰি বিয়পি পৰাৰ পিছতে আতংকৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত। যাৰ বাবে আতংকিত বহু যাত্ৰীয়ে শিকলি টানি ৰেলৰ পৰা বাহিৰলৈ জপিয়াবলৈ ধৰে।
কিন্তু, যাত্ৰীসকল যিটো ট্ৰেকত জপিয়াই, সেই ট্ৰেকতে বিপতীৰ দিশৰ পৰা অহা কৰ্ণাটক এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাত ১০ জন যাত্ৰীৰ মৃত্যু। আনহাতে বহু যাত্ৰী আহত ।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় ৰে’ল বিভাগৰ বিষয়া। মহাৰাষ্ট্ৰৰ মন্ত্ৰী গিৰীশ মহাজনে কয় যে জলগাঁও জিলাৰ কালেক্টৰৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত ১০ৰ পৰা ১২জন যাত্ৰীৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।
ঘটনা সন্দৰ্ভত ৰে’লৱেৰ এগৰাকী বিষয়াই জনোৱা মতে, প্ৰাৰম্ভিক তথ্য অনুসৰি পুষ্পক এক্সপ্ৰেছৰ ডবা এটাৰ ভিতৰত গৰম এক্সেল বা ব্ৰেক-বাইণ্ডিঙৰ বাবে স্ফুলিংগৰ সৃষ্টি হয় আৰু যাক একাংশ যাত্ৰীয়ে ভয় খাই ৰেলত জুই লগা বুলি ভাৱে।
সেয়ে প্ৰাণৰ মমতাত ৰেলৰ শিকলি টানি আগ পিছ নুগুনি বাহিৰলৈ জপিয়াই দিয়ে। কিন্তু ঠিক সেই সময়তে কাষেৰে কৰ্ণাটক এক্সপ্ৰেছ পাৰ হৈ যোৱাত এই মৰ্মান্তিক ঘটনা সংঘটিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ