ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্চ চেক্টৰত ৫গৰাকীকৈ সতীৰ্থ মৃত্যুৰ প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনাই। যোৱা প্ৰায় দুদিন ধৰি ধাৰাবাহিকভাৱে চলি থকা সন্ত্ৰাসবাদীবিৰোধী অভিযানত শেহতীয়াকৈ সেনাই লাভ কৰিছে বিশেষ সফলতা। সেনাৰ অভিযানত শেহতীয়াকৈ মৃত্যু হৈছে ৪টা সন্ত্ৰাসবাদী। পাকিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব বিচৰাৰ সময়তে ভাৰতীয় সেনাৰ গুলীত নিহত হয় সন্ত্ৰাসবাদীকেইটাৰ।
ইফালে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাৰ কেইবাটাও গোটে। সেনাৰ এই সফলতাৰ মাজতে সন্ত্ৰাসবাদীৰ আন এক কূটাঘাটমূলক কাৰ্যত নিহত হৈছে দুগৰাকী স্থানীয় লোক। জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। গভীৰ নিশা সন্ত্ৰাসবাদীয়ে জন্মু-কাশ্মীৰৰ সেনাৰ চাউনীত অগ্নিসংযোগ কৰাৰ ফলতে নিহত হয় এই লোককেইজনৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ