ডিজিটেল ডেস্কঃ চৰ্চা হোৱা মতে সকলো যদি ঠিকে-ঠাকে থাকে তেন্তে অচিৰেই পুনৰ এবাৰ পিতৃ হব বিৰাট কোহলী। সদ্যসমাপ্ত বিশ্বকাপৰ পাছতে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰাৰ কথা আছিল যদিও সেয়া নহ’ল। কিন্তু শেহতীয়াকৈ পুনৰ এই চৰ্চা তুংগত উঠিছে। দুখনকৈ টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে হঠাত দক্ষিণ আফ্ৰিকাৰ পৰা স্বদেশলৈ বিৰাট কোহলী উভতি অহাক লৈ এতিয়া আৰম্ভ হৈছে জল্পনা-কল্পনাৰ।
উল্লেখ কৰা প্ৰয়োজন যে, অহা ২৬ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত আৰম্ভ হবলগীয়া দুখনকৈ টেষ্ট শৃংখলা আৰম্ভ হোৱা তিনিদিনৰ পূৰ্বে জৰুৰী পাৰিবাৰিক সমস্যাৰ দোহাই দি স্বদেশলৈ উভতিল বিৰাট। অৱশ্যে প্ৰথম টেষ্টৰ পূৰ্বে কোহলীয়ে ভাৰতীয় শিবিৰত পুনৰ যোগদান কৰিব বুলি জনাইছে ভাৰতীয় ক্ৰিকেট বৰ্ডে।
জৰুৰী পাৰিবাৰিক সমস্যাৰ আঁৰত কোহলী পুনৰ এবাৰ পিতৃ হোৱাৰ কাৰনেই আছে বুলি একাংশই দাবী কৰিছে। ইফালে শেহতীয়াকৈ অনুষ্কাইও যোৱা ১৯ডিচেম্বৰত সামাজিক মাধ্যমত আপলোড কৰা এটা VIDEOলৈ চাই এই আশংকা নুই কৰিব নোৱাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















