অসম লাইভ ২৪ঃ ক’ৰোনা সংক্ৰমণে চুই গ’ল জনতা ভৱন। জনতা ভৱনত ৪ গৰাকী কর্মচাৰীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত চৰকাৰে জনতা ভৱনৰ একাংশ বিভাগৰ কাম-কাজ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৬ৰ পৰা ১২ জুলাইলৈ কাম-কাজত সীমাবদ্ধতা আনিছে সচিবালয়ৰ প্ৰশাসনে। মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু সকলো মন্ত্ৰীৰ বিভাগত সীমিতসংখ্যক কর্মচাৰীৰে কাম-কাজৰ পৰিকল্পনা কৰিছে চৰকাৰে। গৃহ আৰু ৰাজনৈতিক, ৰাজহ আৰু দুর্যোগ প্ৰশমন, সাধাৰণ প্ৰশাসনীয় সেৱা, সচিবালয়ৰ প্ৰশাসনীয় সেৱা, খাদ্য আৰু অসামৰিক যোগান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত বিভাগৰ কাম-কাজ সীমিতসংখ্যক কর্মচাৰীৰে এইকেইদিন পৰিচালিত হ’ব। আয়ুক্ত-সচিব পর্যায়ৰ বিষয়াসকল উপস্থিত থাকিব কার্যালয়ত। আন বিভাগসমূহকো ঘৰৰ পৰা সেৱা আগবঢ়াবলৈ নির্দেশনা জাৰি কৰিছে সচিবালয়ৰ প্ৰশাসনৰ দায়িত্ববাহী বিষয়া, অসম চৰকাৰৰ আয়ুক্ত সচিব এম অংগমুথুয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ