অসম লাইভ ২৪ঃ ক’ৰোনা সংক্ৰমণে বিশ্বজুৰি মহা আতংকৰ সৃষ্টি কৰাৰ সময়তে ২৩৯ গৰাকী বিজ্ঞানীয়ে লৈ আহিছে এক ভয়ানক খবৰ। এই পর্যন্ত মূলতঃ ব্যক্তিৰ পৰা ব্যক্তিলৈ কোভিড-১৯ ভাইৰাছ সংক্ৰমণ হয় বুলি বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি অন্যান্য স্বাস্থ্য সম্পর্কীয় সংস্থাসমূহে ৰাইজক সাৱধান বাণী দি আহিছিল। কিন্তু শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে বতাহৰ দ্বাৰাও সংক্ৰমিত হয় ক’ৰোনা ভাইৰাছ। বিশ্বৰ ২৩৯ গৰাকী বিজ্ঞানীয়ে গৱেষণাৰ জৰিয়তে এই তথ্য পোহৰলৈ আনিছে। ইতিমধ্যে বিজ্ঞানীৰ দলটোৱে বিষয়টো অৱগত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাক। ৩২ খন দেশৰ ২৩৯ গৰাকী বিজ্ঞানীৰ এই দাবীয়ে স্বাভাৱিকতে ত্ৰাসিত কৰিছে বিশ্ববাসীক। সংক্ৰমিত ব্যক্তিয়ে হাঁচিওৱা বা কহাৰ সময়ত বতাহলৈ বিয়পি পৰিব পাৰে ক’ৰোনা ভাইৰাছ। ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে অন্য লোক। যদি এই ২৩৯ গৰাকী বিজ্ঞানীৰ দাবী সত্য প্ৰমাণিত হয়, তেনহ’লে সমগ্ৰ বিশ্বত এতিয়াতকৈও ভয়ানক পৰিৱেশ সৃষ্টি হোৱাৰ শংকা অধিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ