শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী Sanae Takaichi। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এইটোৱেই হ’ব তেওঁৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ। খবৰ অনুসৰি ১ জুলাইৰ পৰা ৩ জুলাইৰ ভিতৰত তাকাইচিয়ে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱণা। পূৰ্বে গুৱাহাটী ভ্ৰমণৰ কথা চৰ্চা হৈছিল যদিও এতিয়া এই অনুষ্ঠান নতুন দিল্লীত হ’ব বুলি আশা কৰা হৈছে।
জাপানৰ প্ৰধানমন্ত্ৰীৰ সময়সূচী আৰু সময়ৰ অভাৱৰ পৰিপ্ৰেক্ষিতত দিল্লীত এই বৈঠকৰ কথা চিন্তা-চৰ্চা চলি আছে। সূত্ৰসমূহে জনোৱা মতে, ৰাজধানীৰ বাহিৰত যাত্ৰা কৰিবলৈ অতিৰিক্ত ব্যৱস্থাৰ প্ৰয়োজন হ’ব, গতিকে এই ভ্ৰমণ দিল্লীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক। ভাৰত-জাপানৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে দুয়োখন দেশৰ চৰকাৰে এই ভ্ৰমণত কেইবাটাও বিষয় সন্নিবিষ্ট কৰিব বিচাৰিছে।
মোদী আৰু তাকাইচিৰ মাজত কি কি বিষয়ত আলোচনা হ’ব?
খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছানাই তাকাইচিৰ বৈঠকত নিৰাপত্তা, অৰ্থনীতি, বাণিজ্য, বিনিয়োগ আদি মূল বিষয়সমূহৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে। জাপান আৰু ভাৰতে অনাগত বছৰবোৰত সহযোগিতা সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰি আছে। দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাটো এই ভ্ৰমণৰ এক প্ৰধান উদ্দেশ্য হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ ফ্ৰান্সত অনুষ্ঠিত হোৱা জি ৭ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ছানাই তাকাইচি লগ পাইছিল ৷ এই বৈঠকত মোদীয়ে উল্লেখ কৰে যে ভাৰত আৰু জাপানে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সম্পৰ্ক সুদৃঢ় কৰি যাব, বাণিজ্য আৰু বিনিয়োগক মূল অগ্ৰাধিকাৰ হিচাপে লোৱা হ’ব।
গুৱাহাটী ভ্ৰমণৰ বাবেও প্ৰস্তুতি চলাইছিল
ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটী ভ্ৰমণৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “জাপানৰ সন্মানীয় প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে অহা ১ জুলাইৰ পৰা গুৱাহাটী ভ্ৰমণ কৰি তাত প্ৰধানমন্ত্ৰীৰ সৈতে শীৰ্ষ সন্মিলন পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।”
উল্লেখ্য যে, জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব নে নাহে আৰু কাৰ্যসূচী কিয় বাতিলৰ সিদ্ধান্তৰ কথা চৰ্চা চলিছে, এই সম্পূৰ্ণ তথ্য আজি আবেলি সংবাদমেলযোগে প্ৰকাশ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















