অসম লাইভ ২৪ঃ সাধাৰণ নাগৰিকৰ দৰে জীৱন অতিবাহিত কৰিবলৈ আগবাঢ়িল জাপানৰ ৰাজকন্যা৷ ৰক্ষণশীল জাপানী সমাজৰ বান্ধোন ছিঙি সাধাৰণ নাগৰিকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল জাপানৰ ৰাজকন্যা মাকো৷ ২৬ অক্টোবৰত প্ৰেমিক কেই কমুৰ’ৰ সৈতে বিবাহ সম্পন্ন হয় মাকোৰ৷ দীৰ্ঘদিনীয়া প্ৰেমৰ এটি সম্পৰ্কৰ নাম দিয়ে দুয়োৱে৷ লগে লগে মাকোৱে হেৰুৱালে ৰাজপৰিয়ালৰ সদস্যৰ মৰ্য্যদা৷ ৰাজতন্ত্ৰৰ নিয়ম অনুসৰি, কোনো জাপানী ৰাজকন্যাই সাধাৰণ নাগৰিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’লে আনুষ্ঠানিকভাৱে ত্যাগ কৰিব লাগে ৰাজপৰিয়ালৰ সদস্যৰ মৰ্য্যদা৷ মাকোৰ বিবাহ আৰু ৰাজপৰিয়ালৰ ৰাজকীয় নিয়ম বাতিল কৰা সম্পৰ্কত বিভিন্ন বিতৰ্ক সূত্ৰপাত ঘটিছে৷ ইতিমধ্যে বিতৰ্কৰ বাবে নিৰ্ধাৰিত সময়তকৈ ৩ বছৰ পিছুৱাই অনুষ্ঠিত কৰিছিল এই বিবাহ৷ সকলো ৰাজকীয় অনুষ্ঠান বাতিল কৰি কেৱল আইনী প্ৰক্ৰিয়াৰে মঙলবাৰে সম্পন্ন হয় এই বিবাহ৷ এতিয়াৰেপৰা নিউয়ৰ্কত সাধাৰণ নাগৰিকৰ দৰেই নতুন জীৱন আৰম্ভ কৰিব জাপানৰ সদ্যবিবাহিত ৰাজকন্যা মাকুৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ