ICCৰ শ্ৰেষ্ঠ বলাৰ-অলৰাউণ্ডাৰৰ তালিকাত ভাৰতৰ বুমৰাহ-জাদেজা, বেটিঙত ইংলেণ্ডৰ…
বুধবাৰে আইচিচিয়ে প্ৰকাশ কৰিছে শেহতীয়া ৰেংকিং। এই তালিকাত ভাৰতৰ দুগৰাকী খেলুৱৈয়ে লাভ কৰিছে দুটাকৈ শিতানত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ খিতাপ। বলিং আৰু অলৰাউণ্ডাৰৰ শিতানত দুই ভাৰতীয়ই লাভ কৰিছে শীৰ্ষ স্থান।
ভাৰতৰ আগশাৰীৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ আই চি চিৰ এক নম্বৰ বলাৰ। একে সময়তে ৰবীন্দ্ৰ জাদেজাই অল ৰাউণ্ডাৰৰ শাখাত নিজৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে।
জানুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা পঞ্চম আৰু অন্তিমখন বৰ্ডাৰ-গাভাস্কাৰ টেষ্টৰ পূৰ্বে বুমৰাহে ৯০৭ পইণ্ট সংগ্ৰহ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল। ভাৰতীয় বলাৰ সকলৰ এইটোৱেই হৈছে আইচিচিৰ সৰ্বোচ্চ ৰেংকিং ৰেটিং। বৰ্তমান তেওঁৰ ৰেটিং পইণ্ট ৯০৮।
টেষ্ট বলাৰৰ ভিতৰত অষ্ট্ৰেলিয়াৰ পেট কামিন্সে ৮৪১ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে আৰু দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাডাই ৮৩৭ ৰেটিং পইণ্টেৰে তৃতীয় স্থানত আছে। চতুৰ্থ স্থানত অষ্ট্ৰেলিয়াৰ জোছ হেজলউড আৰু পঞ্চম স্থানত আছে দক্ষিণ আফ্ৰিকাৰ মাৰ্কো য়ানচেন। একে সময়তে শীৰ্ষ ১০ গৰাকী টেষ্ট বলাৰৰ ভিতৰত দশম স্থানত আছে ভাৰতৰ ৰবীন্দ্ৰ জাদেজা।
টেষ্ট ফৰ্মেটত শীৰ্ষ ১০ গৰাকী অল ৰাউণ্ডাৰৰ তালিকাত বিশেষ পৰিৱৰ্তন হোৱা নাই। ৪০০ ৰেটিং পইণ্টেৰে শীৰ্ষ স্থানত আছে জাদেজা। তেওঁৰ পিছতে আছে দক্ষিণ আফ্ৰিকাৰ মাৰ্কো য়ানচেন। তেওঁৰ ৰেটিং পইণ্ট হৈছে ২৯৪। ২৮৪ ৰেটিং পইণ্টেৰে তৃতীয় স্থানত আছে বাংলাদেশৰ মেহদী হাছান।
টেষ্ট বেটছমেনৰ ভিতৰত শীৰ্ষ স্থানত আছে ইংলেণ্ডৰ জো ৰুট। তেওঁৰ ৰেটিং পইণ্ট হৈছে ৮৯৫। একে সময়তে দ্বিতীয় স্থানত আছে ৮৭৬ ৰেটিং পইণ্টেৰে ইংলেণ্ডৰে হেৰী ব্ৰুক। তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ কেন উইলিয়ামছন। তেওঁৰ ৰেটিং পইণ্ট হৈছে ৮৬৭। ভাৰতৰ যশস্বী জয়ছৱালে ৮৪৭ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থান লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে ৭৭২ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে।
টেষ্ট বেটছমেনৰ ভিতৰত শীৰ্ষ ৩ৰ ভিতৰত কোনো ভাৰতীয়ই স্থান লাভ নকৰিলেও শীৰ্ষ ১০ ৰ ভিতৰত আছে দুগৰাকী খেলুৱৈ। যশস্বীৰ বাহিৰে আছে ঋষভ পন্ত। পণ্টে পূৰ্বতকৈ এটা স্থান হেৰুৱাই দশম স্থানলৈ অৱনমিত হৈছে।
আনহাতে দুৰ্বল ফৰ্মত থকা এটা সময়ৰ শ্ৰেষ্ট খেলুৱৈ বিৰাট কোহলী ২৬ নম্বৰ স্থানত থকাৰ বিপৰীতে শুভমন গিল ২২ নম্বৰ স্থানত আছে। টেষ্ট বেটছমেনৰ ভিতৰত ৪৩ নম্বৰ স্থানত আছে ৰোহিত শৰ্মা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ