ৱাছিম আক্ৰামৰ ডাঙৰ অভিলেখ ভংগ হ’ব, যশপ্ৰীত বুমৰাহে কৰিব এই কৃতিত্ব
বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ জছপ্ৰিত বুমৰাহ এক বৃহৎ অভিলেখৰ কাষ চাপিছে, যি অভিলেখ বহু বছৰ পূৰ্বে পাকিস্তানৰ ৱাছিম আক্ৰমে গঢ়িছিল। এতিয়া সেই অভিলেখ ভংগ কৰাৰ সময় আহি পৰিছে।
ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত আক্ৰামৰ অভিলেখ ভংগ কৰাৰ সুযোগ বুমৰাহৰ হাতত। যদি এই অভিলেখ বুমৰাহে নিজৰ নামত কৰিব পাৰে, তেন্তে জশপ্ৰিত বুমৰাহৰ নামত ক্ৰিকেট জগতত ৰাজত্ব প্ৰতিষ্ঠা হ’ব।
পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৱাছিম আক্ৰামৰ ডাঙৰ অভিলেখ এতিয়া ভংগ হোৱাৰ বহু ওচৰ চাপিছে। ৱাছিম আক্ৰাম হৈছে এছিয়া মাহদেশৰ এনে এগৰাকী বলাৰ যিয়ে ছেনা দেশত সৰ্বাধিক উইকেট দখল কৰিছে।
‘ছেনা’ দেশৰ অৰ্থ হ’ল দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া। ইংৰাজীত যাক SENA বুলি লিখা হয়। এছিয়ান বলাৰ হিচাপে ৱাছিম আক্ৰামৰ নামত খোদিত আছে সৰ্বাধিক টেষ্ট উইকেট দখলকাৰীৰ ৰেকৰ্ড। আক্ৰামে সৰ্বমুঠ ১৪৬টা উইকেট দখল কৰিছে।
এই তালিকাত দ্বিতীয় স্থানত বৰ্তমানে আছে ভাৰতৰ যশপ্ৰীত বুমৰাহ। বুমৰাহে এই পৰ্যন্ত ছেনা দেশৰ বিৰুদ্ধে ১৪৫টা টেষ্ট উইকেট দখল কৰিছে। যি মাথো ১ টা উইকেটৰ পৰা পাছত।
ইংলেণ্ডত আৰু এটা উইকেট লোৱাৰ লগে লগে বুমৰাহ ৱাছিমআক্ৰামৰ সমান হৈ পৰিব। আনহাতে দুটা উইকেট লোৱাৰ লগে লগে আক্ৰামক অতিক্ৰম কৰি এই ক্ষেত্ৰত এছিয়াৰ শ্ৰেষ্ঠ বলাৰ হৈ পৰিব। প্ৰথম টেষ্টত নিজেই দুটা উইকেট দখল কৰাটো জস্প্ৰিত বুমৰাৰ বাবে কঠিন কাম নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















