তৃতীয় টেষ্টত বুমৰাহৰ অনন্য ৰেকৰ্ড, কিম্বদন্তি ক্ৰিকেটাৰ কপিল দেৱৰ সৈতে একে তালিকাত
অষ্ট্ৰেলিয়াৰ গাবাত অনুষ্ঠিত হৈ থকা তৃতীয়খন টেষ্টৰ প্ৰথম ইনিংছৰ অষ্ট্ৰেলিয়াৰ খেল ইতিমধ্যে সমাপ্ত। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৭ টা উইকেট হেৰুাৱই ১০১ অভাৰত ৪০৫ ৰান কৰিছে। ভাৰতে এতিয়া বেট ধৰিবলৈ বাকি। পাছে গবাত অনুষ্ঠিত হৈ থকা এই তৃতীয়খন টেষ্ট মেচত পুনৰবাৰ দেখা গ’ল জছপ্ৰিত বুমৰাহৰ উজ্জ্বল বলিং।
দ্বিতীয় দিনা উজ্জ্বল বলিং কৰি বুমৰাহে গঢ়ে এক অনন্য ৰেকৰ্ড। গাবা টেষ্টৰ দ্বিতীয় দিনা ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰে যশপ্ৰীত বুমৰাহে। ইয়াৰ লগে লগে দ্বিতীয় দিনা ৫টা উইকেট দখল কৰি এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে বুমৰাহে। বুমৰাহে এতিয়া টিম ইণ্ডিয়াৰ প্ৰাক্তন কিংবদন্তি অধিনায়ক কপিল দেৱৰ সৈতে এক বিশেষ তালিকাত স্থান লাভ কৰিছে।
গাবা টেষ্টৰ দ্বিতীয় দিনা যশপ্ৰীত বুমৰাহ ৫টা উইকেট সম্পূৰ্ণ কৰে। বুমৰাহে স্মিথ, হেড, খোৱাজা, নাথান আৰু মাৰ্ছৰ দৰে বেটছমেনক আউট কৰে। টেষ্ট ক্ৰিকেটত এইবাৰ দ্বাদশ বাৰৰ বাবে বুমৰাহে এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে।
টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৫ উইকেট দখল কৰা ভাৰতৰ দ্বিতীয়জন বেগী বলাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ। এই তালিকাৰ প্ৰথম নম্বৰত আছে প্ৰাক্তন ক্ৰিকেট কিংবদন্তি কপিল দেৱ, যিয়ে ২৩ বাৰ ৫টা উইকেট লাভ কৰাৰ অভিলেখ গঢ়িছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ