সম্পূৰ্ণ সুস্থ বুমৰাহ, বিৰোধী দলক নাশ কৰিবলৈ কাইলৈ খেলপথাৰত বুম বুম বুমৰাহ
সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুমৰাহ। চেণ্টাৰ অৱ এক্সেলেন্সৰ তৰফৰ পৰা দিছে বুমৰাহৰ সুস্থতাৰ খবৰ। যাৰ বাবে এতিয়া দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ খেলপথাৰত দেখিবলৈ পোৱা যাব ভাৰতীয় সুদক্ষ বলাৰ গৰাকীক।
হাৰ্দিক পাণ্ডিয়াৰ পৰা আহিছে এই ডাঙৰ খবৰ। যাৰ বাবে এতিয়া আই পি এলৰ কাইলৈ অনুষ্ঠিত হব লগা খেলত মুম্বাই দলত দেখা পোৱা যাব পাৰে বলাৰ গৰাকীক। দলটোৰ আটাইতকৈ বিপজ্জনক বেগী বলাৰ তথা মেচ বিজয়ী যশপ্ৰীত বুমৰাহ সম্পূৰ্ণ ফিট হৈ দলত যোগদান কৰিছে।
মুম্বাই দলে পৰৱৰ্তী মেচ খেলিব লাগিব বেংগালুৰুৰ সৈতে। কাইলৈ অনুষ্ঠিত হব লগা এই মেচখনৰ পূৰ্বে জছপ্ৰিত বুমৰাহ ফিট হৈ পৰিছে যদিও এই মেচত তেওঁৰ খেলক লৈ এতিয়াও চাচপেন্স আছে।
এনে পৰিস্থিতিত যদি বুমৰাহ এই মেচত খেলে, তেন্তে মুম্বাইৰ প্লেইং এঘাৰৰো পৰিৱৰ্তন হ’ব। এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল, বুমৰাহ উভতি অহাৰ লগে লগে কোনজন খেলুৱৈক প্লেইং এলেভেনৰ পৰা বাদ দিয়া হ’ব? বুমৰাহৰ অনুপস্থিতিত মুম্বাই দলত সত্যনাৰায়ণ ৰাজু আৰু অশ্বিনী কুমাৰক খেলি থকা দেখা গৈছিল।
অশ্বিনী কুমাৰৰ আই পি এলৰ অভিষেকটো যথেষ্ট আকৰ্ষণীয় আছিল আৰু প্ৰথমখন মেচতে ৪টা উইকেট দখল কৰি আলোড়নৰ সৃষ্টি কৰিছিল যদিও পৰৱৰ্তী মেচত নিৰাশ কৰিছিল দলক। এনে পৰিস্থিতিত বুমৰাহৰ উভতি অহাৰ লগে লগে এই খেলুৱৈজনক বাদ দিয়া হ’ব বুলি ধাৰণা কৰা হৈছে।
এই পৰ্যন্ত আই পি এল ২০২৫ত হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছে ৪ খন খেল খেলিছে। ইয়াৰে দলটোৱে ৩ খনত পৰাস্ত হৈছে আৰু মাত্ৰ ১ খন মেচত জয়ী হৈছে। এই কেউখন খেলতে আঘাতৰ বাবে বুমৰাহ দলৰ অংশ নাছিল। বৰ্তমান মুম্বাই দল ২ পইণ্টেৰে পইণ্ট তালিকাৰ অষ্টম স্থানত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ