অসম লাইভ ২৪ঃ নতুন বছৰত ২৫ টকা পৰ্যন্ত হ্ৰাস হ’ব পেট্ৰ’ল-ডিজেলৰ দাম৷ ২৬ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম৷ কিন্তু কেতবোৰ চৰ্ত সাপেক্ষেহে কম দামত ক্ৰয় কৰিব পাৰিব পেট্ৰ’ল-ডিজেল৷ কেৱল BPL কাৰ্ডৰ হিতাধিকাৰীয়েহে উপভোগ কৰিব পাৰিব এই সুবিধা৷ কেৱল ঝাৰখণ্ডতহে প্ৰযোজ্য হ’ব এই নিয়ম৷ বুধবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সুৰেনে ঘোষণা কৰে এই কথা৷ নৱবৰ্ষৰ পূৰ্বে ঝাৰখণ্ডবাসীৰ বাবে এই সুখবৰ আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ কিয়নো চলিত বৰ্ষত ক্ৰমাগতবাৱে বৃদ্ধি পাইছিল ইন্ধনৰ দাম৷ ঝাৰখণ্ডৰ এই ঘোষণাৰ পাছতে দেশৰ অন্য ৰাজ্যসমূহে কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ