ভাৰতৰ এখন গাঁৱৰ লগত বিশেষ সম্বন্ধ জিমি কাৰ্টাৰৰ, যি সম্বন্ধ থাকিব যুগ যুগ
কালি দেওবাৰে ২৯ ডিচেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা নোবেল বঁটা প্ৰাপক জিমি কাৰ্টাৰে। ১০০ বছৰ বয়সত বিয়োগ ঘটে সমাজৰ হকে কাম কৰা নেতাগৰাকীৰ। আমেৰিকাৰ ইতিহাসত তেখেত সবাতোকৈ অধিক কাল জীৱিত থকা ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়।
সেই নেতা গৰাকীৰে ভাৰতৰ সৈতে আছে এক বিশেষ সম্বন্ধ। ভাৰতলৈ অহা তৃতীয়গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল জিমি কাৰ্টাৰ। ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত জিমি কাৰ্টাৰে হাৰিয়ানাৰ এখন গাঁওলৈও গৈছিল। পাছলৈ সেই গাঁওখনে কাৰ্টাৰৰ সন্মানত গাঁওখনৰ নাম সলাই কাৰ্টাৰপুৰি ৰাখে। বৰ্তমানেও কাৰ্টাৰপুৰিৰ নাম একেই আছে। যি ভৱিষ্যতলৈয়ো একেই থাকিব।
কাৰ্টাৰৰ ভাৰত ভ্ৰমণৰ সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ সৈতে দিল্লী ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল। এই ঘোষণাৰ লগে লগে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্কৰ এক নতুন পৰ্যায় আৰম্ভ হৈছিল। জিমি কাৰ্টাৰ চেণ্টাৰৰ তথ্য অনুসৰি ১৯৭৮ চনৰ ৩ জানুৱাৰীত কাৰ্টাৰ আৰু তেতিয়াৰ ফাৰ্ষ্ট লেডী ৰোজালিন কাৰ্টাৰ নতুন দিল্লীৰ পৰা এঘণ্টাৰ দূৰত্বত হাৰিয়ানাৰ দৌলতপুৰ নাছিৰাবাদ গাঁৱলৈ গৈছিল।
জিমি কাৰ্টাৰৰ মাতৃ লিলিয়ানে ১৯৬০ চনৰ শেষৰ ফালে এই গাঁৱত শান্তি বাহিনীৰ সৈতে স্বাস্থ্য স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল। জিমি কাৰ্টাৰৰ গাঁওখন ভ্ৰমণ আৰু গাঁৱৰ সৈতে তেওঁৰ সংযোগৰ পিছত গাঁৱৰ মানুহে কাৰ্টাৰৰ সন্মানত গাঁওখনৰ নাম সলনি কৰি কাৰ্টাৰপুৰী কৰি লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















