অসম লাইভ ২৪: আপুনি জিঅ’ৰ গ্ৰাহক নেকি? যদি হয় তেনেহ’লে আপোনালৈ আছে এক সুখবৰ। দেশৰ সৰ্ববৃহৎ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’য়ে গ্ৰাহকলৈ আনিছে এটা নতুন প্লেন। এতিয়াৰে পৰা ৰিচাৰ্জ নকৰিলেও ৩০০ মিনিট আউটগয়িং কল ফ্ৰিত কৰিব পাৰিব আপুনি। লকডাউনৰ বাবে ৰিচাৰ্জ কৰিব নোৱাৰা গ্ৰাহকৰ বাবে এই প্লেন আনিছে জিঅ’ই। সেই অনুসৰি ৰিচাৰ্জ নকৰাকৈ প্ৰতিদিনে ১০ মিনিটকৈ আপুনি কথা পাতিব পাৰিব। ৩০ দিনত ৩০০ মিনিট ফ্ৰি কথা পাতিব পাৰিব জিঅ’ৰ গ্ৰাহকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















