সুতে-মূলে ওলাব টকা, ৯১ টকাৰ ৰিচাৰ্জ প্লেনত ২৮ দিনৰ বৈধতা
আপুনি বিচাৰি আছে নেকি কম টকাত ২৮ দিনৰ বৈধতা থকা মোবাইল ৰিচাৰ্জ। য’ত থাকিব সকলো সুবিধা। তেনে এক ৰিচাৰ্ড প্লেন লৈ আহিছে জিঅ’ই। যিটোৰ বৈধতা ২৮ দিন, কিন্তু ইয়াৰ মূল্য ১০০ টকাতকৈ কম।
এই সস্তা প্লেন মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স জিঅ’ই আগবঢ়াইছে। ৰিলায়েন্স জিঅ’ৰ ৯১ টকীয়া এই প্লেন সেইসকল লোকৰ বাবে ডিজাইন কৰা হৈছে যাৰ ডাটা আৰু এছএমএছৰ ব্যৱহাৰ কম। যিসকলে দীৰ্ঘদিনীয়া বৈধতা আৰু কম মূল্যত সীমাহীন ফোন কৰাৰ সুবিধা বিচাৰে তেওঁলোকৰ বাবে এই প্লেন।
এই ৯১ টকীয়া ৰিলায়েন্স জিঅ’ প্লেনৰ জৰিয়তে কোম্পানীয়ে প্ৰতিদিনে ব্যৱহাৰকাৰীসকলক ১০০এমবি হাই স্পীড ডাটা প্ৰদান কৰে, ইয়াৰ উপৰিও প্লেনে ২০০এমবি অতিৰিক্ত ডাটাও প্ৰদান কৰে। আনলিমিটেড ভইচ কলিঙৰ সৈতে অহা এই প্লেনৰ সৈতে কোম্পানীয়ে দিব ৫০টা এছএমএছৰো সুবিধা। অৱশ্যে ডাটা লিমিট শেষ হোৱাৰ পিছত গতি ৬৪কেবিপিএছলৈ হ্ৰাস পাব।
বৈধতাৰ কথা ক’বলৈ গ’লে ৰিলায়েন্স জিঅ’ই ৯১ টকাৰ ৰিচাৰ্জ প্লেনৰ জৰিয়তে প্ৰিপেইড ব্যৱহাৰকাৰীক ২৮ দিনৰ বৈধতা প্ৰদান কৰে। এই প্লেনে ব্যৱহাৰকাৰীসকলক মুঠ ৩ জিবি ডাটা প্ৰদান কৰে আৰু ইয়াৰ বৈধতা ২৮ দিনৰ। কেৱল ডাটা, কলিং আৰু এছএমএছেই নহয়, কোম্পানীয়ে আপোনাক ৯১ টকাত অতিৰিক্ত সুবিধাও দিব, এই পৰিকল্পনাৰ জৰিয়তে জিঅ’ টিভি আৰু জিঅ’ এআই ক্লাউড বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ