জো ৰুটৰ ইতিহাস, ৰাহুল দ্ৰাবিড়-ৰিকি পন্টিঙক পিছ পেলাই এতিয়া শচিনৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে
ক্ৰিকেটৰ পথাৰত নতুন ৰেকৰ্ড গঢ়ি পূৰ্বৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে ইংলেণ্ডৰ সুদক্ষ খেলুৱৈ জো ৰুট (Joe Root) । ইতিমধ্যে ৰাহু দ্ৰাবিড় আৰু ৰিকি পণ্টিঙৰ ৰেকৰ্ড ভংগ ৰুটৰ।
ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত ৩ টেষ্ট মেচৰ ক্ৰিকেট ছিৰিজ অনুষ্ঠিত হৈছে। প্ৰথমখন খেলত ইংলেণ্ডে শ্ৰীলংকাক ৫ উইকেটত পৰাস্ত কৰি ১-০ত অগ্ৰগতি লাভ কৰে। এই মেচখনত ইংলেণ্ডৰ কিংবদন্তি খেলুৱৈ জো ৰুটে অৰ্ধশতক অৰ্জন কৰি দলটোক জয়ত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
লগতে এই মেচত অৰ্ধশতক অৰ্জন কৰি বহু কিংবদন্তি খেলুৱৈৰ অভিলেখ ভংগ কৰে জো ৰুটে। এতিয়া ৰুটৰ পৰৱৰ্তী লক্ষ্য টিম ইণ্ডিয়াৰ মহান খেলুৱৈ তথা ক্ৰিকেটৰ ভগৱান খ্যাত শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰাৰ বাবে।
মানচেষ্টাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি জো ৰুটে টেষ্ট ক্ৰিকেটত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ তৃতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছে। এতিয়া জো ৰুটৰ আগত কেৱল ভাৰতীয় দলৰ মহান খেলুৱৈ শচীন টেণ্ডুলকাৰ আৰু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ কিংবদন্তি বেটছমেন শিৱনাৰিন চন্দ্ৰপলহে আছে।
ভাৰতীয় দলৰ হৈ টেষ্ট ক্ৰিকেটত শচীন টেণ্ডুলকাৰে মুঠ ৬৮টা অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে চন্দ্ৰপলে টেষ্ট ক্ৰিকেটত ৬৬টা অৰ্ধশতক অৰ্জন কৰিছে। এই তালিকাত ৬৪টা অৰ্ধশতকৰে তৃতীয় স্থানত উপনীত হৈছে জো ৰুটে।
বৰ্তমানে জো ৰুটৰ বয়স মাত্ৰ ৩৩ বছৰ। যাৰ বাবে অহা কেইবছৰমানৰ বাবে ইংলেণ্ডৰ হৈ মেচ খেলা দেখা যাব ৰুটক। সেয়ে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিবলৈ বিশেষ কঠিন নহব ৰুটৰ বাবে, আৰু মাত্ৰ ৪ টা অৰ্ধশতৰ প্ৰয়োজন নতুন অভিলেখ গঢ়াৰ বাবে।
উল্লেখ্য যে, টেষ্ট ক্ৰিকেটত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ ক্ষেত্ৰত ৰুটে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এলান বৰ্ডাৰ আৰু ৰিকি পণ্টিঙক পিছ পেলাইছে। টেষ্ট ক্ৰিকেটত ৰাহুল দ্ৰাবিড় আৰু এলান বৰ্ডাৰৰ নামত ৬৩টা অৰ্ধশতক থকাৰ বিপৰীতে ৰিকি পণ্টিঙৰ নামত ৬২ টা অৰ্ধশতক আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















