‘ক্ষমা কৰিবি আই৷ মোৰ কিবা ভুল ভ্ৰান্তি হ’লে ক্ষমা কৰি দিবি৷ তই ন্যায় নাপাবি বুলি ভৱাই নাছিলো৷’ জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ হ’ল৷ কাহিলীপাৰাস্থিত নিজা বাসভৱনত আজি আয়োজন কৰা হৈছে জোনমণি ৰাভাৰ বছৰেকীয়া শ্ৰাদ্ধ৷ জোনমণিৰ মাতৃয়ে কন্যাৰ ফটোৰ সন্মুখত দিছে শ্ৰদ্ধাঞ্জলী৷ কন্যাৰ ফটোত শ্ৰদ্ধাঞ্জলী দিবলৈ গৈ আকৌ এবাৰ উচুপি উঠিল জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভা৷
মাতৃয়ে উচুপনিৰ মাজেৰে কয়, ‘মই যিমান পাৰো কৰি আছো৷ তাইৰ মৃত্যুত তৰা গোচৰ মই উঠাই ল’বলৈ বাধ্য হ’লো৷ অকলে কিমান দৌৰিম? ইমান সোনকালে দুয়োটা সন্তানক হেৰুৱাম বুলি ভৱা নাছিলো৷ আই মোক ক্ষমা কৰি দিবি৷ তোক এবছৰতো মই ন্যায় দিয়াব নোৱাৰিলো৷’
উল্লেখ্য যে, বিগত বৰ্ষত ১৬মেৰ পুৱতি নিশা আহিছিল এই হৃদয় বিদাৰক খবৰটো৷ হেৰাই যোৱাৰ এয়া সময় নাছিল। কোনেও ভৱাও নাছিল। মৃত্যুৰ খবৰ এনেকৈ হঠাতেই আহিব বুলি৷ ১৬ মেৰ দুভাগ এটা দুৰ্ঘটনাই থিতাতে শেষ কৰি দিছিল এটা সম্ভাৱনাময় জীৱন। জোনমনি গুচি গৈছিল উভতি নহাৰ বাটেৰে। জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লৈছিল SI জোনমণি ৰাভাই।
ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষ হৈছিল জোনমনি ৰাভাৰ মাৰুতি বাহনৰ। নিশা নিজা মাৰুটি এছপ্ৰেছ’ বাহনেৰে উজনিৰ দিশেৰে গৈ থাকোতেই সংঘটিত হৈছিল এই দুৰ্ঘটনাৰ। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP-78UT4518 বাহনত খুন্দা মাৰে জোনমনিৰ বাহনখনে। খুন্দা মৰাৰ ফলতেই থিতাতে মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ