অসম লাইভ২৪ঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক সাবটি চাকৰিৰ পৰা নিলম্বিত হ’ল এগৰাকী আৰক্ষী কনিষ্টবল৷ আৰক্ষী কনিষ্টবল মিলিপ্ৰভা চুতীয়াক নিলম্বন কৰা সন্দৰ্ভত মুখ খুলিছে এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে৷ জুবিনে সামাজিক মাধ্যমত কৰিছে বিশেষ পোষ্ট৷ জুবিন গাৰ্গে লিখিছে, ‘মই জানো আৰক্ষীৰ পোছাক পিন্ধিলে কিছুমান নীতি-নিয়ম মানি চলিব লাগে৷ কিন্তু প্ৰেম, ভালপোৱা, মৰম এইবোৰ কেতিয়াও শাস্তিযোগ্য অপৰাধ হ’ব নালাগে৷’
ইফালে মিলিপ্ৰভা চুতীয়াইয়ো নিলম্বনৰ পাছতেই সংবাদ মাধ্যমৰ আগত ৰাখিছে বিশেষ মন্তব্য৷ মিলিপ্ৰভাই কৈছে, ‘ঘৰৰ ময়েই একমাত্ৰ উপাৰ্জনকাৰী৷ মোক চাকৰিৰ পৰা নিলম্বন কৰিলে মই কেনেকৈ চলিম৷ জুবিন দাক ভালপাওঁ৷ সৰুৰে পৰা জুবিন দাৰ গীত শুনি ডাঙৰ হৈছো৷ জুবিন দাই মোৰ চাকৰিটোৰ কাৰণে কিবা এটা কৰি দিয়ে যেন৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ