অসম লাইভ২৪ঃ
যোৰহাটৰ টীয়কত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
টীয়কৰ যাদৱপুৰৰ গান্ধী গাঁৱত যুৱকৰ ছিন্নমুণ্ড লৈ থানালৈ আহে এজন যুৱক।
চোকা অস্ত্রৰে ৰেপি ৰেপি লোহিত গগৈ(২৫) নামৰ যুৱকে হত্যা কৰিলে ফাই চাওৰা নামৰ যুৱকক।
মঙলবাৰে নিশা চেনিজান বাঘমৰীয়াত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।
হত্যাৰ পাছতেই স্কুল বেগত ছিন্নমুণ্ড লৈ আনিছিল লোহিত গগৈয়ে।
টীয়কৰ লাহদৈগড় আৰক্ষীয়ে আটক কৰিছে লোকজনক।
লোহিত গগৈৰ পৰা আৰক্ষীয়ে এখন কলম কটাৰীও উদ্ধাৰ কৰিছে।
ফাই চাওৰা নামৰ যুৱকজনে লোহিত গগৈৰ ভনীয়েকক অশ্লীল ইংগিত দিয়াৰ বাবেই এই হত্যাকাণ্ড কৰা বুলি স্বীকাৰোক্তি।
জানিব পৰা অনুসৰি লোহিত গগৈ আৰু ফাই চাওৰা দুয়োজনে সুৰাপান কৰি লিপ্ত হৈছিল কাজিয়াত।
তাৰ পাছতেই লোহিত গগৈয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে ফাই চাওৰাক।
আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
বৰ্তমান সময়লৈকে হত্যাকাণ্ডৰ সম্পৰ্কত কোনো প্ৰতিবেদন প্ৰকাশ কৰা নাই আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ