মহানগৰীৰ মাজ মজিয়াত পুনৰ ৰহস্যজনকভাৱে মৃত্যু এগৰাকী সাংবাদকৰ্মীৰ ।
ৰহস্যজনকভাৱে মৃত্যু হয় জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ। ‘নিয়মীয়া বাৰ্তা’ ৰ সহকাৰী সম্পাদক হিচাপে কৰ্মৰত আছিল পূৰ্বজ্যোতি চুতীয়া। হাতীগাঁৱৰ শেৱালীপথত ভাৰাতীয়া হিচাপে আছিল চুতীয়া। ঘৰৰ সমীপত উদ্ধাৰ হয় পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা পানীৰ চুইছ দিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ পুনৰ ঘৰলৈ ঘূৰি নাহিল পূৰ্বজ্যোতি চুতীয়া। বাসগৃহৰ সমীপৰ নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় সাংবাদিকগৰাকীৰ মৃতদেহ। দেওবাৰে নিশা প্ৰায় ডেৰ বজাত মনজিৎ কলিতা নামৰ এগৰাকী ব্যক্তিৰ ফোন আহিছিল পূৰ্বজ্যোতি চুতীয়াৰ মোবাইললৈ ।কিন্তু মোবাইলটো ঘৰত এৰি থৈ গৈছিল সাংবাদিকজনে। আৰক্ষীয়ে জব্দ কৰিছে মোবাইলটো। আৰক্ষীয়ে মোবাইলটোত পাইছে জুলফিকৰ নামৰ এজন লোকৰ মেচেজ। এই মেছেজসমূহত টকাৰ লেন-দেনৰ কথা স্পষ্টৰূপত প্ৰকাশ হৈছে। আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে জুলফিকৰক। সাংবাদিকজনৰ মৃত্যুৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত। ক্ৰীড়া সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সংবাদজগত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ