জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ
বৈদিক জ্যোতিষৰ মতে জুলাই মাহত বিভিন্ন গ্ৰহ-নক্ষত্ৰৰ অৱস্থানত উল্লেখযোগ্য পৰিৱৰ্তন দেখা যায়। জুলাই মাহত সূৰ্য্যই মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। এই সময়ত বুধ গ্ৰহ কৰ্কট ৰাশিত থাকিব।
সূৰ্য্য আৰু বুধৰ সংমিশ্ৰণে গঠন কৰিব বুঢ়াদিত্য ৰাজযোগ। পুনৰ এই মাহৰ শেষৰ ফালে মংগল গ্ৰহ কন্যা ৰাশিলৈ গতি কৰিব আৰু শুক্ৰ গ্ৰহ বৃষ ৰাশি এৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষৰ হিচাপ অনুসৰি এই পৰিঘটনাৰ বাবে জুলাই মাহত চাৰিটা ৰাশিৰ লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।
মেষ ৰাশি
জুলাই মাহত বুধ ট্ৰেনজিটে মেষ ৰাশিৰ লোকৰ সমস্যা বৃদ্ধি কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত সমস্যাৰ সন্মুখীন হ’ব পাৰে। ভাই-ভনীৰ সৈতে সম্পৰ্কত টান পৰিব পাৰে। এই সময়ছোৱাত শাৰীৰিক স্বাস্থ্যও ভাল নহ’ব।
কৰ্কট ৰাশি
জুলাই মাহত সূৰ্য্য আৰু বুধৰ সংযোগে কৰ্কট ৰাশিৰ লোকৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব। কেইবাটাও গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে। সমাজত আৰু পৰিয়ালত বেয়া খ্যাতি পাব পাৰে। যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ কষ্ট কৰিব লাগিব।
বৃশ্চিক ৰাশি
জুলাই মাহত বৃশ্চিক ৰাশিৰ লোকে চাকৰি সলনি কৰিব লাগিব। বৃশ্চিক ৰাশিৰ লোকসকলে কেৰিয়াৰৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই সময়ত কোনো ধৰণৰ বিপদজনক ব্যৱস্থা গ্ৰহণ নকৰিব। টকাৰ লোকচান হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকা আছে।
মকৰ ৰাশি
মকৰ ৰাশিৰ জুলাই মাহত সাৱধান হোৱাটো প্ৰয়োজন। এই সময়ছোৱাত এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে বিভিন্ন ফালৰ পৰা শত্ৰুতাৰ সন্মুখীন হ’ব লাগিব। নিজৰ ব্যক্তিগত জীৱনৰ কথা কাকো নকব। বেয়া সংগ এৰক। মানসিক অস্থিৰতাই আপোনাক জুৰুলা কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















