কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা
কন্যাৰ জন্মৰ পাছতে এতিয়া আৰু শিক্ষা আৰু বিবাহৰ নামত বহু টকা বিনিয়োগ কৰাৰ প্ৰয়োজন নাই। সামান্য টকা জমা কৰিয়েই লাভ কৰক বহু টকা। ভাৰতীয় জীৱন বীমা নিগম (LIC)ৰ ‘কান্যদান পলিচি’ৰ জৰিয়তে লাভ কৰক এই সুবিধা।
এই কন্যাদান পলিচিৰ জৰিয়তে প্ৰতিদিনে মাত্ৰ ১২১ টকা সঞ্চয় কৰি কন্যাৰ বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ পৰ্যন্ত পুঁজি। এই আঁচনি বিশেষভাৱে কন্যা সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ডিজাইন কৰা হৈছে।
যদি আপুনি দৈনিক মাত্ৰ ১২১ টকা সঞ্চয় কৰে, তেন্তে মাহে প্ৰায় ৩৬০০ টকা সঞ্চয় কৰিলে আপোনাৰ কন্যাৰ বাবে এটা ডাঙৰ পুঁজি কৰিব পাৰিব। এল আই চিৰ ‘কন্যাদান পলিচি’ৰ অধীনত মুঠ পলিচিৰ সময়সীমা ২৫ বছৰ। ২৫ বছৰৰ পাছত আপুনি লাভ কৰিব ২৭ লাখ টকা।
কিন্তু এই ২৫ বছৰৰ প্ৰথম ২২ বছৰৰ বাবেহে আপুনি প্ৰিমিয়াম দিব লাগিব। বাকি ৩ বছৰত কোনো কিস্তি দিব নালাগে। পৰিকল্পনাৰ শেষত প্ৰায় ২৭ লাখ মেচিউৰিটি ৰাশি লাভ কৰিব। এই পৰিমাণৰ দ্বাৰা আপোনাৰ কন্যাই উচ্চ শিক্ষা, কেৰিয়াৰ আৰম্ভ কৰা বা বিবাহৰ দৰে ডাঙৰ ডাঙৰ সপোনবোৰ সহজেই পূৰণ কৰিব পাৰে।
এই আঁচনিৰ অধীনত আপুনি আপোনাৰ কন্যাৰ বাবে এটা ডাঙৰ পুঁজি সৃষ্টি কৰিব পাৰে, যাতে আপোনাৰ কন্যাই শিক্ষা, কেৰিয়াৰ বা বিবাহৰ সপোন পূৰণ কৰিব পাৰে।
এই পলিচীৰ আটাইতকৈ বিশেষ কথাটো হ’ল যে পলিচিৰ সময়ছোৱাত পিতৃৰ মৃত্যু হ’লে বা পৰিয়ালটোৰ ওপৰত কোনো ধৰণৰ ডাঙৰ আৰ্থিক বোজা থাকিলে, পৰিস্থিতি চাই এল আই চিয়ে ভৱিষ্যতৰ সকলো প্ৰিমিয়াম কিস্তি নিজেই আদায় দিয়ে। লগতে কোনো দুৰ্ঘটনাৰ ফলত মৃত্যু হ’লে পৰিয়ালটোক ১০ লাখ পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ পিছতো কন্যাই সময়মতে পলিচিৰ সম্পূৰ্ণ মেচিউৰিটিৰ ধন লাভ কৰে।
অৱশ্যে এই নীতিৰ সুবিধা ল’বলৈ পিতৃৰ বয়স ১৮ৰ পৰা ৫০ বছৰৰ ভিতৰত আৰু কন্যাৰ নূন্যতম বয়স ১ বছৰ হ’ব লাগে। বিশেষকৈ যিসকল অভিভাৱকে কম আয়ৰ সৈতেও নিজৰ কন্যাৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে তেওঁলোকৰ বাবে এই পৰিকল্পনা উপযোগী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















