অসম লাইভ২৪ঃ এজন ব্যক্তিয়ে মৃত্যুৰ পূৰ্বে নিজেই কেইটামান সংকেত লাভ কৰে। এজন ব্যক্তিয়ে মৃত্যুৰ ওচৰ চাপি আহোতে প্ৰকৃতিয়ে সংকেত দিবলৈ আৰম্ভ কৰে। এই চিহ্নবোৰ যদি বুজি পায় তেন্তে এজন মানুহে মৃত্যুৰ পূৰ্বানুমান কৰাত সুবিধা হয়।
কি কি সংকেত লাভ কৰিব?
ধৰ্মীয় বিশ্বাস অনুসৰি, যেতিয়াই এজন ব্যক্তিয়ে আইনাত তেওঁৰ প্ৰতিচ্ছবি নেদেখা হয় তেতিয়াই বুজিব লাগে যে ব্যক্তিজনৰ মৃত্যু সমাগত। এনে লক্ষণে দেখা দিলে ব্যক্তিজন কেইঘণ্টামানতেই মৃত্যুৰ মুখত পৰিব পাৰে। পুৰাণত এনে ধৰণৰ বহুতো ঘটনাৰ বৰ্ণনা দিয়া হৈছে।
যদি ব্যক্তি এজন বহু দিন ধৰি অসুস্থ হৈ থাকে। কিন্তু হঠাতে স্বাস্থ্য সম্পূৰ্ণৰূপে ভাল হয়। তেওঁৰ গৃহত যদি কিবা চাকি জ্বলাই থোৱা থাকে আৰু সেই চাকি হঠাৎ নুমাই যায় আৰু নুমুৱাৰ পাছত শিখাৰ পৰা যি গোন্ধ ওলাই সেই গোন্ধও নোলোৱা হয় তেন্তে নিশ্চিত হৈ পৰিব যে ব্যক্তিজনৰ প্ৰায় এসপ্তাহৰ ভিতৰত মৃত্যু নিশ্চিত।
বহুলোকৰ ক্ষেত্ৰত হঠাতেই তেওঁৰ পৰিয়ালত মৃত্যু হোৱা আত্মীয় স্বজনৰ ছবি অনবৰতে চকুৰ সন্মুখত ভাহি থাকে সেয়াও কিন্তু মৃত্যুৰ পূৰ্বানুমানেই।
কোৱা হয় যে যেতিয়াই মৃত্যুৰ সময় আহে, প্ৰায় এমাহ আগতে, এজন ব্যক্তিয়ে গোটেই জীৱনত কৰা কামবোৰ নিজে নিজেই মনত পেলাবলৈ যত্ন কৰে। তেওঁ জীৱনত যিকোনো ভাল বা বেয়া কাম কৰিলে, সেই সকলোবোৰ তেওঁ নিজেই অনুভৱ কৰিবলৈ আৰম্ভ কৰে।
শিৱ মহাপুৰাণৰ মতে, আমাৰ শৰীৰেও দীৰ্ঘদিনৰ পৰা মৃত্যুৰ লক্ষণ দেখুৱাবলৈ আৰম্ভ কৰে। যেতিয়া গোটেই শৰীৰটো নীলা হৈ পৰে বা কোনো ৰোগ নোহোৱাকৈ শৰীৰত অত্যাধিক ৰঙা দাগ পৰে তেতিয়াই প্ৰায় ৬ মাহত এনে ব্যক্তিৰ মৃত্যু হয়।
পৌৰাণিক বিশ্বাস অনুসৰি, যিসকলে ধৰ্মীয় কাম কৰে আৰু সত্ত্বিক জীৱন যাপন কৰে। তেওঁলোকে তেওঁলোকৰ সপোনৰ জৰিয়তে মৃত্যুৰ সময় জানিব পাৰে।
(ওপৰত দিয়া তথ্যসমূহ জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত আৰু কেৱল তথ্যৰ উদ্দেশ্যে দিয়া হৈছে। অসম লাইভ২৪ য়ে ইয়াক নিশ্চিত কৰা নাই। এই বিষয়ে বিশদ জানিবৰ বাবে সংশ্লিষ্ট বিষয়টোৰ বিশেষজ্ঞৰ পৰামৰ্শলৈহে নিশ্চিত হ’ব।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ