উৰিষ্যাৰ কটকত গুৱাহাটীলৈ আহি থকা ৰে’লৰ ভয়ংকৰ দুৰ্ঘটনা, বহু ডবা লাইনচ্যুত
গুৱাহাটীলৈ আহি থকা অৱস্থাত এখন ৰে’লৰ ভয়ংকৰ দুৰ্ঘটনা। এটা দুটা নহয়, ১৫ টাকৈ ডবা লাইনচ্যুত।
উৰিষ্যাৰ কটকত সংঘটিত হৈছে এই দুৰ্ঘটনা। জানিব পৰা মতে, কামাখ্যা এক্সপ্ৰেছ ৰে’লখন লাইনচ্যুত হয়। যাৰ ফলত হাজাৰ হাজাৰ ৰে’লযাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি।
কামাখ্যা এক্সপ্ৰেছত আছিল সৰহ সংক্যক অসমৰ যাত্ৰী। অসমলৈ আহি আচিল ৰে’লখন। উৰিষ্যাত কটকত সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
চেন্নাইৰ পৰা অসম অভিমূখে আহি আছিল কামাখ্যা এক্সপ্ৰেছ। এতিয়া মাজ বাটতে ৰে’লখন আৱদ্ধ হৈ পৰাত এটুপি পানীৰ বাবে হাহাকাৰ কৰিছে ৰে’ল যাত্ৰীয়ে ।
জানিব পৰা মতে, ট্ৰেইনখনত থকা অসমৰ যাত্ৰী সকলৰ সৰহ সংখ্যক লোক ৰোগী। চেন্নাইত চিকিৎসাৰ বাবে গৈছিল লোক সকল। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে আহ্বান আৱ্দধ হৈ পৰা যাত্ৰীৰ।
উল্লেখ্য যে, ২০২৩ চনৰ ২ জুনত এই একে স্থানতে ৩ খন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ হৈ দেশ কঁপাই যোৱা দুৰ্ঘটনা সংঘটিত হৈছিল। যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ২৯৬ গৰাকী লোকে। ১২০০ ৰো অধিক লোক আহত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ