অসম লাইভ ২৪ঃ কোভিডৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত এতিয়া স্তব্ধ সমগ্ৰ দেশ। বন্ধ হৈ আছে সকলো ধৰ্মীয় প্ৰতিষ্ঠান। কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩০ জুনলৈ বন্ধ থাকিব কামাখ্যা দেৱালয়ৰ মুখ্য দুৱাৰ। ২২ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহোৎসৱখনো কেৱল পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিগত বৰ্ষ সমূহৰ দৰেই এইবাৰ কামাখ্যালৈ নাহিব কোনো তীৰ্থ যাত্ৰী, সাধু-সন্ন্যাসী। নাথাকিব পূৰ্বৰ দৰে থকা-খোৱাৰ কোনো ব্যৱস্থা। আজি এক বিজ্ঞপ্তিযোগে এই কথা জনালে কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ