অসম লাইভঃ মৃত্যু আহে কেতিয়া? কোনে বাৰু জানে? নাজানে কোনোৱে,নাজানে একোকে। এই ঘটনা সৰ্থেবাৰীত। নিশা শুই থকা অৱস্থাতেই মৃত্যুক সাবটি ল’লে এগৰাকী যুৱতীয়ে। কমলিকা ডেকা নামৰ যুৱতীগৰাকীয়ে নিশা ভাত খাই থকা অৱস্থাতে হঠাতে অসুস্থ হৈ পৰে। অসুস্থ কমলিকাক লগে লগে সৰ্থেবাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায় পৰিয়ালৰ লোকে। কিন্তু বিধিৰ কি বিধান! ক্ষন্তেক আগলৈকে হাঁহি-মাতি থকা কমলিকাক সৰ্থেবাৰী চিকিৎসালৰ পৰা ততাতৈয়াকৈ বৰপেটালৈ প্ৰেৰণ কৰা হয় যদিও বৰপেটা নাপালেগৈ কমলিকা। বাটতেই মৃত্যুক সাবটি লয় কমলিকাই।
কিন্তু কি এনে ৰোগত আক্ৰান্ত হৈছিল কমলিকা? শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থই আছিল কমলিকা বুলি জনাইছে পৰিয়ালৰ লোকে। কালি নিশা ভাত খাই থকাৰ সময়ত হঠাতেই অসুস্থ হৈ পৰা কমলিকা ডেকা সৰ্থেবাৰী পৌৰ সভাৰ ৫ নং ৱাৰ্ডৰ নিৰ্বাচিত অগপ প্ৰাৰ্থী আছিল আছিল।
উল্লেখ্য যে, কমলিকা ডেকা সৰ্থেবাৰী পৌৰ সভাৰ ৫ নং ৱাৰ্ডৰ নিৰ্বাচিত অগপ প্ৰতিনিধি আছিল। কমলিকা ডেকাৰ মৃত্যুত সমগ্ৰ সৰ্থেবাৰীত শোকৰ ছাঁ পৰিছে। শনিবাৰে পুৱা সৰ্থেবাৰী পৌৰসভাৰ কাৰ্যালয়ত সকলোৱে অন্তিম বিদায় জনায় কমলিকাক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ