বলিউদৰ মোহময়ী অভিনেত্ৰী তথা বিতৰ্কৰ কুইন কংগণা ৰাণাৱটে যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল৷ এই কথা খোদ বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে৷
লোক আপ নামৰ এটা ধাৰাবাহিক ৰিয়েলিট শ্ব’ত কংগণা ৰাণাৱটে এই কথা প্ৰকাশ কৰি কয় যে তেওঁ মাত্ৰ ৬ বছৰ বয়সতে যৌন উৎপীড়নৰ সন্মুখীন হৈছিল৷
শ্ব’টোৰ এগৰাকী প্ৰতিযোগী মুনৱাৰ ফাৰুকীয়ে তেওঁ শিশুকালত যৌন উৎপীড়নৰ সন্মুখীন হোৱাৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰাৰ সময়তে বলিউদৰ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অতীত জীৱনৰ কথা শ্বেয়াৰ কৰিবলৈ বিচাৰে৷ প্ৰতিযোগী ফাৰুকীয়ে শ্ব’টোত মাত্ৰ পাঁচবছৰ বয়সতে দুগৰাকীৰ আত্মীয় দ্বাৰা সন্মুখীন হোৱা যৌন উৎপীড়নৰ কথা প্ৰকাশ কৰে৷
লগতে পঢ়ক সমাপ্ত হ’ল দুবছৰীয়া প্ৰেমৰ সম্বন্ধ। দুখত ভাগিছে অনুৰাগী!
ইয়াৰ পিছতে অতীত অৰ্থাৎ শৈশৱৰ কথা শ্বেয়াৰ কৰি কংগণা ৰাণাৱটে কয় যে তেওঁ মাত্ৰ ৬ বছৰ বয়সতে যৌন উৎপীড়নৰ সন্মুখীন হৈছিল৷
‘‘সকলোৱে শৈশৱত এনেধৰণৰ স্পৰ্শৰ সন্মুখীন হৈ আহিছে৷ মই নিজেই ইয়াৰ সাক্ষী৷ যেতিয়া মই খুবেই সৰু আছিলো, আমাৰ চহৰতে এজন মোতকৈ কিছু বয়সত ডাঙৰ লোক আছিল৷ তেওঁ মোৰ গোপনীয় স্থানসমূহত স্পৰ্শ কৰিছিল৷’’ অভিনেত্ৰী কংগণাই কয়৷
কংগণাই লগতে কয়, ‘‘কিন্তু সেই সময়ত মই তেওঁৰ উদ্দেশ্য বুজি পোৱা নাছিলো৷’’
লগতে পঢ়ক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন… মহানগৰবাসীলৈ অগপৰ ধন্যবাদ জ্ঞাপন
‘‘আৰু নিজৰ যৌনাকাংক্ষা পূৰণ কৰিবলৈ তেওঁ আমাক ফোন কৰি মাতিছিল আৰু আমাৰ কাপোৰ খুলিবলৈ দিছিল আৰু গোটেই শৰীৰটোক চাইছিল৷ তেতিয়া আমি মাত্ৰ ৬ বছৰীয়া আছিলো৷’’ সন্মুখীন হোৱা যৌন উৎপীড়ণৰ সবিশেষ বৰ্ণনা কৰি কংগণা ৰাণাৱটে কয়৷
অৱশ্যে, ঘটনাটোৰ সম্পৰ্কে বিৱৰি ক’লেও অভিনেত্ৰী কংগণা ৰাণাৱটে সেই লোকজনৰ পৰিচয় ৰাজহুৱা কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ