অসম লাইভ২৪ঃ ২৭ অক্টোবৰত মুক্তি পাইছিল কংগনা ৰাণাওটৰ ছবি তেজছে। ইয়াৰ পূৰ্বে বিগত ৮ বছৰত এখনৰ পাছত আনখন ফ্লপ ছবিৰে ৰেকৰ্ড গঢ়া কংগনাৰ এই ছবিয়েও ফ্লপৰ তালিকাতেই স্থান লাভ কৰিলে। কাট্টি বাট্টিৰ পৰাই আৰম্ভ হৈছিল কংগনাৰ ফ্লপ যাত্ৰা। তাৰপিছৰে পৰাই এখনৰ পাছত আনখন ছবিত ব্যৰ্থতা। ছিমৰণ, জাজমেণ্টেল হে ক্যা, পাংগা, ঢাকড়, চন্দ্ৰমুখীৰ দৰে ফ্লপ ছবি উপহাৰ দি কংগনাই আশা কৰিছিল তেজছে এই বদনামৰ পৰা তেওঁক ৰক্ষা কৰিব।
কিন্তু এই ছবিয়েই কংগনাক বদনামৰ পৰা মুক্তি দিব নোৱাৰিলে। এই ছবিও ফ্লপৰ তালিকাতেই অন্তৰ্ভূক্ত হ’ল। তেজছৰ প্ৰচাৰত কংগনাই দিন ৰাতি এক কৰি দিলেও দৰ্শকে কিন্তু এই ছবিকো উপেক্ষাই কৰিলে। তেজছৰ প্ৰচাৰৰ বাবে দৰ্শকৰ আগত হাতযোৰ কৰিছিল কংগনাই। সহায় লৈছিল শক্তিশালী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰো কিন্তু সুফল একোৱেই নাপালে। শক্তিশালী মুখ্যমন্ত্ৰীয়েও উদ্ধাৰ কৰিব নোৱাৰিলে কংগনাক।
বক্স অফিচত প্ৰায় ৫০কোটিৰ লোকচানৰ সন্মুখীন হৈছে তেজছৰ পৰিচালকে। বিগত দুসপ্তাহত ছবিখনে সমগ্ৰ দেশত মুঠ ৪.২৫ কোটি টকাহে আয় কৰিছে। তেজছৰ বাজেট আছিল প্ৰায় ৭০ কোটি। আনহাতে তেজছৰ পৰা প্ৰযোজকৰ জেপলৈ আহিছে মাত্ৰ ৭০ লাখ টকা। দেশী ছবি বিতৰকে লাভ কৰিছে মাত্ৰ ১.৯১ কোটি। অন্যহাতে বিদেশী বিতৰকে লাভ কৰিছে ৩২ লাখ টকা। ছবিখনে ছেটেলাইট, ডিজিটেল ষ্ট্ৰিমিং আৰু গানৰ শ্বেয়াৰ বিক্ৰীৰে লাভ কৰিছে মাত্ৰ ১৭ কোটি। সকলো মিলি ছবিখনৰ মুঠ আয় ১৯ কোটি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ