সাংসদ পদ হেৰুওৱাব কংগনা ৰানাউটে? হিমাচল প্ৰদেশৰ মাণ্ডি আসনৰ পৰা বিজেপিৰ টিকটত জয়ী হৈ সংসদত প্ৰৱেশ কৰিছে অভিনেত্ৰী কংগনাই৷ বুধবাৰে কংগনাক এখন বিশেষ নটিছ পঠিয়াইছে হিমাচল প্ৰদেশ হাইকৰ্টে৷ কংগনাৰ নিৰ্বাচন বাতিল কৰাৰ আৱেদন কৰিছে কিন্ন জিলাৰ এগৰাকী বাসিন্দাই৷ তেওঁ মাণ্ডি আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছিল৷ কিন্তু তেওঁৰ মনোনয়নপত্ৰ ভুল বুলি প্ৰত্যাখ্যান কৰা হৈছিল বুলি তেঁওৰ অভিযোগ৷ সেয়ে তেওঁ কংগনাৰ নিৰ্বাচন বাতিল কৰাৰ দাবী জনাইছে৷ এই বিষয়ে নটিছ জাৰি কৰি, ২১ আগষ্টৰ মাজত কংগনাৰ জৱাব দিবলৈ নিৰ্দেশ দিছে ন্যায়াধীশ জোৎস্না ৰাৱালে৷
মাণ্ডি লোকসভা আসনৰ পৰা ৭৪,৭৫৫ ভোটত জয়ী হৈছে কংগনা ৰানাওট৷ তেওঁৰ প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙে পাইছিল ৪,৬২,২৬৭ ভোট। কংগনাই পাইছিল ৫,৩৭,০০২ টা ভোট৷ এই আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব বিচাৰিছিল কিন্নৰৰ বাসিন্দা লায়ক ৰাম নেগিয়ে৷ মাণ্ডিৰ জিলা শাসকলৰ কাৰ্যালয়ে তেওঁৰ মনোনয়নপত্ৰ ভুলভাৱে প্ৰত্যাখান কৰা বুলি দাবী কৰিছে এইগৰাকী লায়ক ৰাম নেগিয়ে৷
লায়ক ৰাম নেগি হিমাচল প্ৰদেশ বন বিভাগৰ এগৰাকী প্ৰাক্তন কৰ্মী৷ অকাল অৱসৰ লৈ তেওঁ নিৰ্বাচন খেলিব খুজিছিল৷ তেওঁৰ দাবী যে পৰিকল্পিতভাৱে তেঁওৰ মনোনয়নপত্ৰ নাকচ কৰি কংগনাক সেই সমষ্টিত নিৰ্বাচন খেলুওৱা হৈছে৷ বিষয়টোক লৈ হাইকৰ্টত আৱেদন জনাইছিল নেগীয়ে৷ কংগনা জয়ী হ’লেও এই ইলিগেল নিৰ্বাচন বাতিল হ’ব লাগে বুলি হাইকৰ্টত আবেদন জনাইছিল নেগীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















