এগৰাকী অভিনেত্ৰীয়ে সুন্দৰী হ’বলৈ নিজৰ মুখমণ্ডল অস্ত্ৰোপচাৰ কৰি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলালে৷ চিকিৎসকৰ ভুল চিকিৎসাৰ ফলতে অভিনেত্ৰীগৰাকীৰ মুখমণ্ডল বিকৃত হোৱা বুলি খোদ অভিনত্ৰীগৰাকীয়ে অভিযোগ কৰিছে৷
অভিনেত্ৰীগৰাকী হৈছে দক্ষিণৰ সৰু পৰ্দাৰ স্বাতী সতীশ৷ বৰ্তমান বাংগালুৰুৰ বাসিন্দা কানাড়া অভিনেত্ৰী স্বাতী সতীশে সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল কৰিছে৷ যিটোত তেওঁৰ বিকৃত মুখখন স্পষ্টভাৱে দেখা গৈছে৷
প্ৰকাশিত খবৰ অনুসৰি শেহতীয়াকৈ মুখমণ্ডলত এটা ৰুট কেনেল বনোৱাইছিল৷ ইয়াৰ পিছতে অভিনেত্ৰীগৰাকীৰ মুখখন অস্বাভাৱিকভাৱে ফুলি উঠাৰ লগতে বিষ আৰম্ভ হয়৷ চিকিৎসকে স্বাতী সতীশৰ মুখমণ্ডল ফুলা আৰু বিষ ২-৩ দিনত ভাল হ’ব বুলি আশ্বস্ত কৰিলেও তিনি সপ্তাহলৈকে অভিনেত্ৰীগৰাকীৰ অৱস্থা একেই আছে৷
লগতে পঢ়ক কেৱল অগ্নিপথেই নহয়, সেনাত ৫ ঐতিহাসিক পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোদীৰ! পৰিৱৰ্তনসমূহ কি কি?
অভিনেত্ৰীগৰাকীৰ মুখখন ইমানেই বিকৃত হৈ পৰিছে যে এতিয়া তেওঁক চিনি পোৱাটো কঠিন হৈ পৰিছে। আনকি অভিনেত্ৰীগৰাকীয়ে বিকৃত মুখৰ বাবেই ঘৰৰ পৰা ওলাই যোৱাটোও বন্ধ কৰি দিছে।
ইয়াৰ পিছতে স্বাতীয়ে চিকিৎসকগৰাকীয়ে ভুল চিকিৎসা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে কয় যে চিকিৎসা আৰু ঔষধৰ বিষয়ে ডাক্তৰে তেওঁক ভুল তথ্য দিছিল। অভিনেত্ৰীগৰাকীয়ে আন এখন হাস্পতালৰ পৰা গম পালে যে তেওঁক এনাস্থেচিয়া নহয়, চেলিচিলিক এচিড দিয়া হৈছে। বৰ্তমান অভিনেত্ৰীগৰাকী অতিশয় বিচলিত হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ